Your Voice, Our Strength

আজাদী কী অমৃত মহোৎসৱ উপলক্ষে বন বিভাগৰ উদ্যোগত চাইকেল ৰেলি। 

আজিৰ খবৰ, গুৱাহাটী, ৮ অক্টোবৰ : দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে “আজাদী কী অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি আজি মহানগৰীত অনুষ্ঠিত হয় এক বৰ্ণাঢ্য চাইকেল ৰেলি । গান্ধীজয়ন্তীৰ দিনাৰ পৰা আৰম্ভ হোৱা ব্ন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি আজি বন বিভাগে আয়োজন কৰে এক চাইকেল ৰেলি । মহানগৰীৰ জালুকবাৰিস্থিত অসম বন বিদ্যালয়ৰ পৰা দ্বীপৰ বিললৈ প্ৰায় ২৫ কিলোমিটাৰ জোৰা এই চাইকেল ৰেলিত অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে বন বিভাগৰ আয়ুক্ত সচিব , বি চি চি এফ (বন্যপ্ৰাণী) , বনকৰ্মী আৰু গুৱাহাটীৰ চাইক্লিষ্ট সকলে অংশগ্ৰহণ কৰে । আজিৰ বৰ্ণাঢ্য চাইকেল ৰেলিটোৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । এই চাইকেল ৰেলিৰ মূল উদ্দেশ্যে হৈছে “ভাৰতৰ স্বাধীনতা আন্দোলনত আত্মত্যাগ কৰা বীৰ শ্বাহীদসকল আৰু ইয়াৰ লগত জড়িত ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি পৰৱৰ্তী সময়ত ভাৰতবৰ্ষক বিশ্বৰ ভিতৰতে এক জাকত জিলিকা ৰাষ্ট্ৰ হিচাপে গঢ় দিয়া ।” ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বধীন এই চৰকাৰখনে এই ক্ষেত্ৰত এক পন লোৱা বুলি সদৰী কৰে বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।

P&C
You might also like