Your Voice, Our Strength

বকুল নগৰত সাৰ্বজনীন শ্ৰী শ্ৰীদুৰ্গা পূজা , লাইখুটা স্থাপন।

আজিৰ খবৰ, গুৱাহাটী, ১০ অক্টোবৰ : গুৱাহাটীৰ জালুকবাশৰী অঞ্চলৰ বকুল নগৰত অহা ১১ভি ৰ পৰা ১৫ অক্টোবৰলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে সাৰ্বজনীন শ্ৰী শ্ৰীদুৰ্গা পূজা উদযাপন কৰা হব । ১১ অক্টোবৰত পুৱা ৯ বজাত ধৰ্মধজ্জা উত্তোলনৰে এইবেলিৰ পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব উদযাপন কমিটিৰ সভাপতি গজেন চন্দ্ৰ শৰ্মাই । সন্ধিয়া বন্তি প্ৰজলন কৰিব অৱসৰপ্ৰাপ্ত অধ্যাপক উমাকান্ত দেৱশৰ্মা বিমল চন্দ্ৰ দাসে । আনহাতে পূজাৰ কাৰ্যসূচী সুচাৰুৰূপে উদযাপন কৰিবলৈ সমাজকর্মী গজেন চন্দ্ৰ দাসক সভাপতি , চবিন চন্দ্ৰ কলিতাক কাৰ্যকৰী সভাপতি , দিগন্ত দাসক সাধাৰন সম্পাদক , শৈলেন দাসক কোষাধক্ষ্য হিচাপে লৈ1 এখন কাৰ্যকৰী কমিটি গঠন কৰা হৈছে । আনহাতে মহালয়াৰ দিনা ক’ভিড বিধি মানি দুৰ্গাপূজাৰ লাইখুটা স্থাপন কৰা হয় । বহুসংখ্যক লোকৰ উপস্থিতিত লাইখুটা স্থাপন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক উমাকান্ত দেৱশৰ্মাই ।

You might also like