
আজিৰ খবৰ, গুৱাহাটী, ১০ অক্টোবৰঃ ভাৰতীয় খো খো ফেডাৰেশ্বনৰ নিৰ্দেশমৰ্মে দেওবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সভাত উত্তৰ পুৱ মণ্ডল খো খো ফেডাৰেশ্বন গঠন কৰা হয়। উত্তৰ পুৱাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ খো খো সন্থাৰ সভাপতি আৰু সম্পাদকৰ উপস্থিতিত অনুষ্ঠিত এই সভাত অসম খো খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাক উত্তৰ পুৱ মণ্ডল খো খো ফেডাৰেশ্বনৰ সভাপতিৰ দায়িত্ব দিয়া হয়। তদুপৰি মণিপুৰৰ মধুসুদন সিঙক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। উল্লেখ্য, ইয়াৰ আগলৈ উত্তৰ পুৱৰ ৰাজ্যকেইখন পুৱ মণ্ডল খো খো ফেডাৰেশ্বনৰ অন্তর্ভুক্ত আছিল। আজিৰ সভাত অৰুণাচল প্ৰদেশ খো খো সন্থাৰ সম্পাদক পুতু বুইক উত্তৰ পুৱ খো ফেডাৰেশ্বনৰ অধ্যক্ষৰ দায়িত্ব দিয়ে। সভাত ছিকিম অলিম্পিক সন্থাৰ অধ্যক্ষ বি কে ৰোকা উপস্থিত থাকে।

