Your Voice, Our Strength

নৱৰাত্ৰিৰ ষষ্ঠ দিনা, কাত্যায়নী মাক সন্তষ্ট কৰিবলৈ কি কৰিব ? জানক গুপ্ত মন্ত্র।

আৰু নৱৰাত্ৰিৰ মহা ষষ্ঠিৰ মহা ৰহস্য...

আজিৰ খবৰ, ১১অক্টোবৰ: এই বৰ্ষ ২০২১ৰ সোমবাৰে অৰ্থাৎ ১১ অক্টোবৰত শাৰদীয় নৱৰাত্ৰিৰ মহা ষষ্ঠি পৰিছে ।এই দিনটোত মাৰ ৰূপ হৈছে কাত্যায়নী দেৱীয়ে ।এই কাত্যায়নী দেৱী ঋষি কাৰ্তিকৰ পুত্ৰী। বিষ্ণু, ব্ৰহ্মা, শিৱ, আৰু সমস্ত দেৱ দেৱী মিলি এই দূৰ্গা মাৰ সৃষ্টি কৰিছিল মিহিষাসুৰক বধ কৰিবলৈ। কাত্যায়নী দেৱীৰ বাহন হৈছে সিংহ। এই কাত্যায়নী দেৱী অত্যন্ত শক্তিশালী। এই মাৰ কৃপাত অৰ্থ, ধৰ্ম, কাম, সুখ, লাভ কৰিব পাৰি।

মাৰ এটি অত্যন্ত শক্তিশালী ৰূপ। কাত্যায়নী দেৱী মাৰ ষষ্ঠ ৰূপ। কাত্যায়নী দেৱীয়ে জনম কুণ্ডলিৰ বৃহস্পতি গ্ৰহক প্ৰতিনিধিত্ব কৰে। কাত্যায়নী দেৱীক আৰাধনা কৰি জনম কুণ্ডলিত বৃহস্পতি গ্ৰহৰ সুপ্ৰভাৱ পৰে। আপোনাৰ জনম কুণ্ডলিত যদি বৃহস্পতিৰ দোষ আছে, বৃহস্পতি দুৰ্বল, বৃহস্পতি পিড়িত অৱস্থাত আছে, তেন্তে মা কাত্যায়নী কৃপাত বৃহস্পতি গ্ৰহক শক্তিশালী কৰিব পাৰে। বৃহস্পতি যদি দোষ আছে, সেয়া দূৰ কৰিব পাৰে, আৰু খণ্ডন কৰিব পাৰে। নৱৰাত্ৰিৰ ষষ্ঠ দিনা, কাত্যায়নী মাক সন্তষ্ট কৰিবলৈ মৌ জোলৰ ভোগ আগবঢ়াব।

P&C

এচামুচ বা দুচামুচ, মৌ জোলৰ ভোগ মা কাত্যায়নী শ্ৰী চৰণত অৰ্পণ কৰিব। কাত্যায়নী দেৱীক নাৰ্জী ফুল দি সন্তষ্ট কৰিব।

কাত্যায়নী দেৱীৰ গুপ্ত মন্ত্রটি হৈছে-

“ঔম এং ক্লিং ক্লিং কাত্যায়নী নমাহঃ”

আপুনি এই বিশেষ মন্ত্রটি জপ কৰি কাত্যায়নী দেৱীৰ বিশেষ কৃপা লাভ কৰিব পাৰি।

এই গুপ্ত মন্ত্রটি ৰাতি শুৱাৰ আগে, অখণ্ড জ্যোতি, কলহৰ আগত, মাতাৰ ফটো সন্মুখত, মাটিত আসনত বহি আপুনি এক মালা, এই বিশেষ মন্ত্রটি জপ কৰিব। ইয়াৰ ফলত প্ৰত্যেক জন ভক্তই

দেৱী মাৰ কৃপা লাভ কৰিব।।

You might also like