Your Voice, Our Strength

সমাজপ্ৰাণ হৰিকান্ত কলিতা বাপৰ সোঁৱৰণত প্ৰকাশ কৰা গ্ৰন্থ ” জীৱন আৰু কৰ্ম ” উন্মোচন , গৃহ উদ্বোধন।

আজিৰ খবৰ, গুৱাহাটী, ১৫ অক্টোবৰ : গুৱাহাটীৰ গাৰ্লছ পলিটেকনিকৰ অৱসৰপ্ৰাপ্ত মুখ্য সহায়ক , দক্ষিণ কামৰূপৰ ৰামপুৰৰ সুজনপাৰা নিবাসী , প্ৰয়াত সমাজপ্ৰাণ হৰিকান্ত কলিতা বাপৰ পবিত্ৰ সোঁৱৰণত হোমেন মেধীৰ সম্পাদনাত পৰিয়ালবৰ্গই প্ৰকাশ কৰা “জীৱন আৰু কৰ্ম ” গ্ৰন্থখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰামপুৰ প্ৰাথমিক শাখাৰ নামঘৰ চৌহদত উন্মোচন কৰা হয় । শতাধিক ৰাইজৰ উপস্থিতিত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে প্ৰয়াত হৰিকান্ত কলিতাৰ সহধৰ্মিনী আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মালতী কলিতাই । আনহাতে এই উপলক্ষে ৰামপুৰ প্ৰাথমিক শাখাৰ সভাপতি বীৰেন কলিতাই আঁত ধৰা চমু অনুষ্ঠানত মালতী কলিতাই ২০২০ চনৰ ২৪ মে’ত বিয়োগ ঘটা তেওঁৰ স্বামী হৰিকান্ত কলিতাৰ জীৱনাদৰ্শৰ ওপৰত চমুকৈ আলোকপাত কৰি মৃত্যু পৰ্যন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদর্শৰে কিদৰে এখন শ্ৰেণীহীন সমাজ গঠনৰ হকে নিজকে আত্মনিয়োগ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰণত দেহে কেহে লাগিছিল তাৰ উদাহৰণ দাঙি ধৰে । অনুষ্ঠানত প্ৰয়াত হৰিকান্ত কলিতাৰ কনিষ্ঠ পুত্ৰ আৰু এন চি চিৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী মেজৰ জেনেৰেল ভাস্কৰ কলিতা , কনিষ্ঠ ভাতৃদ্বয় ধীৰেন চন্দ্ৰ কলিতা আৰু দিনবন্ধু কলিতা , হিমাংশু কলিতা , নীতু কলিতা , নমিতা কলিতাকে ধৰি পৰিয়ালৰ কেবাজনো সদস্য , অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অৰুণা কলিতাকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি , ৰামপুৰ প্ৰাথমিক শাখাৰ সম্পাদক মণ্টু কলিতাকে ধৰি শাখাৰ বহু কৰ্মকর্তা উপস্থিত থাকে । আনহাতে ইয়াৰ পূৰ্বে প্ৰয়াত হৰিকান্ত কলিতাৰ স্মৃতিত শাখাৰ নামঘৰ চৌহদত সহধৰ্মিনী মালতী কলিতাই আটকধুনীয়াকৈ নিৰ্মাণ কৰা এটা অসম আৰ্হিৰ গৃহ ৰাইজৰ ব্যৱহাৰৰ বাবে উদ্ধোধন কৰা হয় । গৃহটো উদ্ধোধন কৰে মালতী কলিতাই । আনহাতে অঞ্চলটোৰ ৰাইজে গুৰুজয়ন্তীৰ পবিত্ৰ দিনটোত এনে মহান কৰ্ম কৰা বাবে মালতী কলিতা , পুত্ৰ তথা ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল ভাস্কৰ কলিতাকে ধৰি পৰিয়ালটোৰ শলাগ লৈছে ।

P&C
You might also like