Your Voice, Our Strength

ভগৱান শিৱৰ লিংগক কিয় পূজা কৰা হয় ? শিৱলিংগ দৰাচলতে কি ?

বহুতে ভবাৰ দৰে শিৱলিংগ শিৱৰ যৌনাংগ নহয় । তেনেহলে ই কি ?

শিৱ পুৰাণত ইয়াৰ উত্তৰ এনেভাৱে আছে

 

~~ এসময়ত জগতৰ প্ৰভুত্ব লাভৰ বাবে ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত তয়াময়া যুদ্ধৰ সূত্ৰপাত হৈছিল । ইন্দ্ৰ আৰু অন্যান্য দেৱগণৰ মুখত এই কথা শুনি শিৱ আৰু পাৰ্বতী যুদ্ধ চাবলৈ যায়। যেতিয়া ব্ৰহ্মা-বিষ্ণুৰ ভয়ংকৰ অস্ত্ৰই ত্ৰিজগত দগ্ধ কৰাৰ উপক্ৰম হ’ল, তেতিয়া শিৱে এটা বৃহদাকাৰ অগ্নিময় স্তম্ভৰ ৰূপ লৈ দুয়ো যোদ্ধাৰ মাজত আৱিৰ্ভুত হয়। লগে লগে তেওঁলোকৰ ভয়ংকৰ অস্ত্ৰৰাজি এই স্তম্ভ(লিংগ)ত সোমাই শান্ত হৈ পৰে । বিষ্ণুৱে বৰাহৰূপ ধাৰণ কৰি এই স্তম্ভৰ মূল বিচাৰি পাতাললৈ যায় আৰু ব্ৰহ্মই হংসৰূপ ধাৰণ কৰি আকাশলৈ উৰা মাৰে, কিন্তু দুয়োজনেই বিফল হৈ ঘূৰি আহে। তৎসত্বেও ব্ৰহ্মাই লিংগৰ উৰ্ধদেশ বিচাৰি পোৱা বুলি মিছা মাতে । তেতিয়া ভগৱান শিৱে স্ব-মূৰ্তি ধাৰণ কৰি লিংগৰ পৰা ওলাই আহে। বিষ্ণুৱে ততালিকে শিৱৰ চৰণত পৰে আৰু শিৱই তেওঁক আশীৰ্বাদ দিয়ে – জগতত তেওঁৰ মূৰ্তি প্ৰতিষ্ঠা হ’ব আৰু পূজা চলিব। আকৌ কপটতাচাৰী ব্ৰহ্মাৰ দৰ্প নাশ কৰিবলৈ মহাদেৱৰ ভ্ৰূৰ পৰা ভৈৰৱ নামৰ এক পুৰুষৰ সৃষ্টি হয় । সেই পুৰুষে ব্ৰহ্মাৰ পঞ্চম মুণ্ড ছেদ কৰে, বাকী চাৰিটা কাটিব লওঁতেই বিষ্ণুৱে মধ্যস্থতা কৰাত অৱশ্যে তেওঁ শান্ত হয় । তেতিয়াৰ পৰা ব্ৰহ্মাৰ মুণ্ড চাৰিটা আৰু জগতত ব্ৰহ্মাৰ পূজা-উৎসৱ নচলিব বুলি শিৱৰ দ্বাৰা অভিশপ্ত হৈ ৰয়।

P&C

ইয়াৰ পাছত মহাদেৱে ব্ৰহ্মা-বিষ্ণুৰ আগত কয় যে, ব্ৰহ্মত্বজ্ঞাপনৰ অৰ্থে তেওঁ লিংগৰূপে উৎপন্ন হৈছে আৰু ঈশ্বৰত্ব প্ৰকাশ কৰি দেৱগণৰ সমুখত আৱিৰ্ভাৱ হৈছে । লিংগ(স্তম্ভ) শিৱৰ ব্ৰহ্মত্বব্যঞ্জক, তেওঁৰ স্বৰূপ আৰু সান্নিধ্যকাৰক। গতিকে ব্ৰহ্মা- বিষ্ণুৱে শিৱলিংগৰ পূজা কৰিব লাগে । এনেদৰেই জগতত ভগৱান শিৱৰ লিংগ পূজাৰ প্ৰথা আৰম্ভ হয় ।

You might also like