আজি লক্ষ্মী পূজা।জানিবলৈ পঢ়ক লক্ষ্মীৰ আখ্যান….
দেৱতা আৰু অসুৰৰ লগত কি সম্পৰ্ক আছিল লক্ষ্মী দেৱীৰ ?
আজিৰ খবৰ,২০ অক্টোবৰ :- শৰৎ কাল মানেই পূজাৰ বতৰ । দুৰ্গা পূজাৰ পিছতে শৰৎ ঋতুৰ পূৰ্ণিমা তিথিটোত লক্ষ্মী পূজা হিচাপে পালন কৰা হয় ৷ লক্ষ্মী দেৱীক শস্যৰ দেৱীৰে লগতে সকলো সম্পদৰো দেৱী মানি পূজা কৰা হয় ৷ এই সময়ত পথাৰত ধানে গেঁৰ মেলে ৷ আজি দিনটোত অৰ্থাৎ লক্ষ্মী পূজাৰ দিনা ঘৰ – দুৱাৰ মচি নিজস্ব নিয়ম মতে লক্ষ্মীৰ চৰণত নৈবেদ্য আগবঢ়াই পূজা কৰে ৷
লক্ষ্মীয়ে ঘৰত বাস কৰিলেহে ঘৰৰ উন্নতি হয় । ঘৰৰ পৰা লক্ষ্মী ওলাই গলে সেই ঘৰ ঘৰ হৈ নাথাকে । অপায়-অমংগল,হাই কাজিয়া আৰু দৰিদ্ৰতাই ভৰি পৰে । লক্ষ্মীক সম্পদৰ গৰাকী বুলিও কোৱা হয় । সম্পদক অনাদৰ কৰিলে লক্ষ্মী দেৱী আঁতৰি যায় বুলি বিশ্বাস আছে । লক্ষ্মী দেৱীৰ পূজাৰ আখ্যান আছে ৷ এদিন দুৰ্বাসা ঋষি স্নানৰ বাবে গৈ থাকোঁতে বাটতে দেৱৰাজ ইন্দ্ৰক লগ পালে ৷ ইন্দ্ৰই দুৰ্বাসাক ভক্তিভাৱে সেৱা কৰিলে ৷ ইন্দ্ৰৰ ভক্তিত সন্তুষ্ট হৈ দুৰ্বাসা ঋষিয়ে এধাৰি ৰত্ন মালা ইন্দ্ৰক উপহাৰ দি গুচি গ’ল ৷ ইন্দ্ৰই আনন্দ মনেৰে মালাধাৰি তেওঁৰ বাহন হাতীটোক পিন্ধাই দিলে ৷ হাতীটোৱে আকৌ শুঁৰেৰে মালাডাল ছিঙি দূৰলৈ পেলাই দিলে ৷ স্নান কৰি ঘূৰি আহোঁতে দুৰ্বাসা ঋষিয়ে বাটত মালাডাল ছিঙি পৰি থকা দেখা পাই খঙত ইন্দ্ৰক অভিশাপ দি ক’লে , ” মোৰ উপহাৰক তুমি অপমান কৰিলা ৷ এতিয়াৰ পৰা লক্ষ্মী নাথাকিব , সমুদ্ৰ গৰ্ভত লক্ষ্মী বিলীন হৈ যাব ৷ ” দুৰ্বাসাৰ অভিশাপত লক্ষ্মী দেৱী সমুদ্ৰৰ গৰ্ভত লুকাই গ’ল ৷ তেতিয়া ইন্দ্ৰই ক্ষমা কৰি দিবলৈ দুৰ্বাসাক প্ৰাৰ্থনা কৰিলে ৷ দুৰ্বাসাই ক্ষমা কৰি ইন্দ্ৰক ক’লে যে দেৱতা আৰু অসুৰে সমুদ্ৰ মন্থন কৰিলে লক্ষ্মী দেৱী ওলাব ৷ ভগৱান বিষ্ণুৰ উপদেশ মতে দেৱতা আৰু অসুৰে অমৃতৰ বাবে সমুদ্ৰ মন্থন কৰিলে ৷ কাতি মাহৰ ( শৰৎ ঋতু ) পূৰ্ণিমা তিথিৰ দিনা সমুদ্ৰ গৰ্ভৰ পৰা লক্ষ্মী দেৱী ওলাই আহিল ৷ তেতিয়াৰ পৰা এই দিনটো পবিত্ৰ দিন হিচাপে মানি লক্ষ্মী দেৱীক পূজা কৰে ৷