Your Voice, Our Strength

ফটাশিল সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ অভিযান , ৬ টা নতুন গৃহ উচ্ছেদ।

আজিৰ খবৰ ,গুৱাহাটী, ২১ অক্টোবৰ : পৰিবেশ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ বন বিভাগে বনাঞ্চলত বেদখল উচ্ছেদ অভিযান , উচ্ছেদিত স্থানত গছপুলি ৰোপনকে ধৰি কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা স্বত্বেও একাংশ লোকে ৰাজ্যৰ আন বনাঞ্চলৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন কূট কৌশল অৱলম্বন কৰি বনাঞ্চলৰ মাটি বেদখল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । অৱশ্যে শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো বন সংমণ্ডল প্ৰাধিকাৰীক নিজ নিজ এলেকাৰ সংৰক্ষিত বনাঞ্চলত বনভূমি বেদখল কৰা বেদখলকাৰীক উচ্ছেদ কৰি তাত পৰিবেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপন কৰিবলৈ নিৰ্দেশ দিছে । এই নিৰ্দেশৰ আধাৰত পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিণী বল্লভ শইকীয়াই সংমণ্ডলৰ পাঁচোটা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত খণ্ড বন বিষয়া সকলক তেওঁলোকৰ অধীনৰ সংৰক্ষিত বনাঞ্চল সমূহ বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত আজি গুৱাহাটী বনাঞ্চলৰ অধীনৰ ফটাশিল খণ্ড বন বিষয়া কাৰ্যালয়ে ফটাশিল সংৰক্ষিত বনাঞ্চলৰ নতুনবস্তি আৰু শালবাৰী অঞ্চলত নতুনকৈ বেদখল কৰি নিৰ্মাণ কৰা ছয়টা ঘৰ ভাঙি পেলায় । খণ্ড বিষয়া প্ৰাণেশ্বৰ শৰ্মাৰ নেতৃত্বত যোৱা বনকর্মীৰ দলটোৱে দুদিনমান পূৰ্বে নিৰ্মাণ কৰা তৰ্জাৰ ছয়টা ভাঙি পেলোৱাৰ লগতে ভৱিষ্যতে যাতে পুনৰ বেদখল কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰে । উল্লেখযোগ্য যে বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে গুৱাহাটীৰ নবনিযুক্ত বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই উচ্ছেদ অভিযান চলাবলৈ ফটাশিলৰ খণ্ড বন বিষয়াক লিখিত নিৰ্দেশ প্ৰেৰণ কৰিছিল । জানিব পৰা মতে খণ্ড বন বিষয়া হিচাপে ফটাশিলত যোগদান কৰাৰ পাছৰে পৰা প্ৰাণেশ্বৰ শৰ্মাই বেদখলকাৰীৰ বিৰুদ্ধে যুদ্ধদেহিং মনোভাৱ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । ।

You might also like