বিশ্বৰ সৰ্ববৃহৎ ছচিয়েল মিডিয়া কোম্পানী ফেচবুকৰ নাম সলনি হব । ফেচবুকৰ স্বত্বাধিকাৰী তথা মুখ্য কাৰ্যবাহী বিষয়া মার্ক জুকাৰবাৰ্গে নিজৰ কোম্পানীৰ নাম সলনি কৰাৰ প্ৰস্তুতি চলাইছে। কোম্পানীটোৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মাৰ্ক জুকাৰবাৰ্গে অহা ২৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া কোম্পানীৰ বার্ষিক ‘কানেক্ট কনফাৰেন্স’ত ফেচবুকৰ নতুন নামটো ঘোষণা কৰিব। ক্ৰমাৎ পৰিৱৰ্তিত সময় আৰু পৰিবৰ্ধিত জগতখনৰ লগত খাপ খাব পৰাকৈ ফেচবুকক ছ’চিয়েল মিডিয়া প্লেটফর্মতকৈও অত্যাধুনিক প্রযুক্তিৰূপে বিকশিত কৰাৰ উদ্দেশ্যে জুকাৰবাৰ্গে কোম্পানীটোৰ নাম সলনি কৰিব খুজিছে। ফেচবুকে সম্প্ৰতি ‘মেটাভাৰ্ছ’ নামৰ এবিধ অত্যাধুনিক প্রযুক্তি বিকাশৰ কামত উঠিপৰি লাগিছে। শেহতীয়াকৈ মার্ক জুকাৰবাৰ্গে ঘোষণা কৰিছিল যে ছ’চিয়েল মিডিয়াতকৈ আৰু অলপ আগলৈ গৈ ফেচবুক এটা মেটাভাৰ্ছ কোম্পানীৰূপে পৰিচিত হ’ব আৰু ‘এম্বইডেড ইণ্টাৰনেট’ক লৈ কাম কৰিব। ফেচবুকৰ মজিয়াত এনে পৰিৱৰ্তন সাধন কৰাৰ জৰিয়তে জুকাৰবাৰ্গে ইনষ্টাগ্রাম, হোৱাটছএপ আৰু অ’কুলাছৰ দৰে এপবোৰক একেখন মঞ্চত উপস্থাপনৰ পৰিকল্পনা কৰিছে বুলি কিছুমান সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছে। তদুপৰি মেটাভাৰ্ছ প্রযুক্তিৰে জুকাৰবাৰ্গে বাস্তৱ (ৰিয়েলিটী) আৰু ভার্চুৱেল জগতখনৰ মাজত আৰু অধিক সমন্বয় স্থাপন কৰি, বৈঠক, ভ্ৰমণ গেমিং আদিৰ বাবে এখন সুকীয়া মঞ্চ প্ৰদানৰ লক্ষ্য লৈছে বুলিও খবৰ ওলাইছে।
এইখিনিতে উত্থাপন হোৱা প্ৰশ্নটো হৈছে যে মেটাভাৰ্ছ কি ? এইটো আমাৰ বাবে তেনেই নতুন, সচৰাচৰ ব্যৱহাৰ নোহোৱা এটা শব্দ । অৱশ্যে “ভাৰ্চুৱেল” শব্দটোৰ সৈতে কম বেছি পৰিমাণে আমি সকলোৱে পৰিচিত। ভার্চুৱেল ৰিয়েলিটীৰ পৰৱৰ্তী পর্যায়টোকে মেটাভাৰ্ছ বুলি ক’ব পৰা যায়। শব্দটোৰ ইতিহাস বৰ এটা পুৰণি নহয়। প্ৰখ্যাত কল্প বিজ্ঞানৰ লেখক নীল ষ্টিফেনছনে ১৯৯২ চনত প্ৰকাশ পোৱা তেওঁৰ ‘স্ন’ ক্ৰেছ’ নামৰ উপন্যাসখনত প্ৰথম এই শব্দটো ব্যৱহাৰ কৰিছিল। সম্প্ৰতি বহুলভাবে ব্যবহৃত স্পীকাৰ, টেলিভিছন, ভিডিঅ’গেম আদিত ভার্চুৱেল ৰিয়েলিটী প্রযুক্তি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ জৰিয়তে নিজৰ সন্মুখত নথকা বস্তু এটাও চাব পৰা গৈছে। ভার্চুৱেল ৰিয়েলিটীৰ পৰৱৰ্তী পর্যায় অর্থাৎ মেটাভাৰ্ছৰ জৰিয়তে সন্মুখত নথকা বস্তু এটা দৃশ্যমান হোৱাৰ লগতে ইয়াক স্পৰ্শ কৰা, গোন্ধ লোৱা আদি অনুভূতিও ল’ব পৰা যাব। এই চমৎকাৰী মেটাভাৰ্ছ প্রযুক্তি বিকাশৰ বাবে ফেচবুকে ইউৰোপীয়ান ইউনিয়নৰ ১০ হাজাৰ লোকক মকৰল কৰিব বুলি ইতিমমধ্যে ঘোষণা কৰিছে। মেটাভাৰ্ছ প্ৰযুক্তি বিকাশ কৰাৰ প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া হব আৰু ইয়াৰ বাবে প্ৰায় ১০-১৫ বছৰ সময় লাগিব বুলি ফেচবুক কর্তৃপক্ষই সদৰি কৰিছে।