Your Voice, Our Strength

অখিল গগৈয়ে অসমত নহয়, মঙল গ্রহতহে মাটিৰ পট্টা দিব পাৰিব: মুখ্যমন্ত্রী

আজিৰ খবৰ, মৰিয়নি, ২২অক্টোবৰ : আজি মৰিয়নি বিধান সভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ উপ নিৰ্বাচনী সভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈক তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । দিহিঙীয়াপাৰ চাহ বাগিচাত আয়ােজিত এখন বিশাল নির্বাচনী সভাত ভাষণ প্রদান কৰি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক তীব্র সমালােচনা কৰে।

মৰিয়নি সমষ্টিৰ ৰাইজক মাটি পট্টা প্রদান কৰিম বুলি অখিল গগৈয়ে দিয়া প্রতিশ্রুতিক সমালােচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিধায়কগৰাকীয়ে অসমত নহয়, মঙল গ্রহতহে মাটিৰ পট্টা প্ৰদান কৰিব পাৰিব। অন্যহাতে মৰিয়নি সমষ্টিৰ সকলােবােৰ হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব বুলি ঘােষণা কৰাৰ লগতে দিহিঙীয়াপাৰৰ কাষৰীয়া তিনিখন চাহ বাগিচাৰ ৰােগীসকলৰ সহায়ক হােৱাকৈ ৪৫ দিনৰ ভিতৰত তিনিখন এম্বুলেঞ্চ প্রদান কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। হােলােঙাপাৰ গিবন অভয়াৰণ্যক এক আকর্ষণীয় পর্যটনস্থলী হিচাপে গঢ়ি তােলাৰ বাবেও চৰকাৰে পদক্ষেপ গ্রহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

P&C

মুখ্যমন্ত্ৰীয়ে আজি নকচাৰিৰ তিৰুৱাল প্রাথমিক বিদ্যালয় খেলপথাৰত আয়ােজিত অন্য এখন বিশাল নির্বাচনী সভাতে অংশগ্রহণ কৰে। সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি প্রার্থী ৰূপজ্যোতি কুৰ্মীৰ প্রতি মৰিয়নি বাসীৰ স্বতঃস্ফূর্ত সঁহাৰিয়েই প্রতিপন্ন কৰিছে যে বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসন কালত মৰিয়নি সমষ্টিৰ উন্নয়নে এক নতুন গতি লাভ কৰিব। বর্তমানৰ ৰাজ্য চৰকাৰখনে চৰকাৰী আঁচনি, চাকৰি আদি ক্ষেত্ৰত সম্পূর্ণ স্বচ্ছতা অৱলম্বন কৰাৰ লগতে মধ্যভােগীক উৎখাত কৰিছে। সু-প্রশাসনৰ সুনিশ্চিত কৰাৰ বাবে চৰকাৰখনে ব্যাপকভাৱে ডিজিটেল প্রযুক্তি ব্যৱহাৰত গুৰুত্ব আৰােপ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। নকচাৰিৰ ৩০ খন বিছনাযুক্ত চিকিৎসালয়খনত অন্যান্য সা-সুবিধাৰ লগতে আলট্রাচাউণ্ডৰ সুবিধাও উপলব্ধ কৰা হ’ব বুলি উল্লেখ কৰি নকচাৰিত এক নতুন ক্রীড়া প্রকল্প গঢ়ি তােলা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘােষণা কৰে।

আজিৰ এই নির্বাচনী সভাসমূহত শিক্ষা মন্ত্রী ডাঃ ৰণােজ পেগু, জলসম্পদ বিভাগৰ মন্ত্রী পীযুষ হাজৰিকা, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, সাংসদ পল্লৱ লােচন দাস, তপন কুমাৰ গগৈ, কামাখ্যা প্রসাদ তাছা,বিধায়কসকল ক্রমে মৃণাল শইকীয়া, বিশ্বজিৎ ফুকন, ৰূপক শৰ্মা, তেছ গােৱালা আৰু অমিয় কুমাৰ ভূঞা তথা সমষ্টিটোৰ মিত্ৰজোঁটৰ প্রার্থী ৰূপজ্যোতি কুৰ্মীৰ উপৰি দলীয় শীর্ষ নেতাসকলে অংশগ্রহণ কৰে।

You might also like