Your Voice, Our Strength

স্বাস্থ্যবীমাৰ নামত চৰম প্ৰতাৰণা বীমা কোম্পানীৰ।

৪০ বিধ ৰোগৰ ২৬ বিধ ৰোগতেই নাপায় ক্ষতিপূৰণ!

আজিৰ খবৰ, গুৱাহাটী, ২২অক্টোবৰ : প্ৰয়োজনত চিকিৎসা সম্বন্ধীয় খৰচৰ বাবে বিশেষ চিন্তা নকৰাকৈ অতি কষ্টৰে জীৱন-যাপন কৰিবলগাত পৰি হ’লেও আজিৰ দিনত সকলোৱে স্বাস্থ্য বীমা কৰি ৰাখে। কাল্পনিক ভৱিষ্যতে আকস্মিকভাৱে চিকিৎসা কৰিবলগীয়া হ’লে যাতে অৰ্থৰ অভাৱত বিপদত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থবীমা কৰি ৰাখে সচেতন লোকসকলে। কিন্তু এনে এক জৰুৰী বিষয়ক যেন কেৱল বেহা হিচাপেহে গণ্য কৰে বীমা প্ৰতিষ্ঠানসমূহে। বীমা পলিচি খোলাৰ সময়ত প্ৰয়োজনীয় তথ্য গ্ৰাহকক নজনোৱাকৈ কেনেকৈ বীমা বিক্ৰী কৰিব পাৰি তাৰ প্ৰতিহে যেন লক্ষ্য ৰাখে বীমা কোম্পানীসমূহে”। শুকুৰবাৰে দিশপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি বীমা কোম্পানীসমূহৰ বিৰুদ্ধে এনেদৰে সৰৱ হৈ পৰে সাংবাদিক হেমন্ত শৰ্মা। তেওঁ কয় যে, বৰ্তমান বিভিন্ন মাধ্যমত জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি সজাগ-সচেতন হোৱাৰ কথা কৈ বৰ বৰ বিজ্ঞাপন দি থকা বিয়াগোম বীমা কোম্পানীসমূহে প্ৰকৃতাৰ্থত কেৱল নিজৰ মুনাফা লাভৰহে জাল পেলাইছে। তাৰ বিপৰীতে গ্ৰাহকক বিস্তৃত তথ্য দাঙি নধৰি কেৱল ইতিবাচক দিশসমূহ দেখুৱাই গ্ৰাহকক একপ্ৰকাৰৰ প্ৰতাৰণা কৰিছে। বিভিন্ন বীমা কোম্পানীসমূহে কৰা স্বাস্থ্যবীমাত প্ৰায় ৪০ বিধ ৰোগৰ ভিতৰত ২৬ বিধ বেমাৰতেই সাধাৰণতে নাপায় ক্ষতিপূৰণ। কিন্তু এই কথা গ্ৰাহকক বীমা ক্ৰয় কৰাৰ মুহূৰ্তত জনোৱা নহয়। সংবাদমেলত সাংবাদিকগৰাকীয়ে তথ্য দাঙি ধৰি কয় যে, বিগত কিছুদিন পূৰ্বে বিশেষ ৰোগত আক্ৰান্ত হৈ সাংবাদিকগৰাকী ভৰ্তি হৈছিল মহানগৰীৰ এখন আগশাৰীৰ হাস্পতালত। সাধাৰণতে বীমা কোম্পানীসমূহে ভাল ভাল হাস্পতালবোৰৰ লগত চুক্তি কৰে যে তেওঁলোকৰ বীমা ক্রয় কৰা ৰোগীৰ খৰচ প্ৰত্যক্ষভাৱে হাস্পতালক আদায় দিব৷ ৰোগী এজনে ধনৰ লেনদেনত জড়িত হ’বলগা নহয় বাবে এই সুবিধাক কোৱা হয় ‘কেছলেচ’ অৰ্থাৎ নগদ ধন নলগাকৈ হোৱা চিকিৎসা৷ এই সুবিধা গ্ৰহণ কৰি হাস্পতালখনত তেওঁ ভৰ্তি হয় আৰু হাস্পতাল কৰ্তৃপক্ষয়ো সাংবাদিকগৰাকীয়ে ইতিপূৰ্বে ক্ৰয় কৰা “টাটা এআইজি মেডিকেয়াৰ” বীমা কোম্পানীৰ নামত চিকিত্সা আৰম্ভ কৰে। কিন্তু হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ ওভতাৰ আগত তেওঁক জনোৱা হয় যে তেওঁৰ স্বাস্থ্যবীমা নাকচ কৰা হৈছে। তাৰ কাৰণ জানিব বিচৰাত তেওঁৰ বীমা কোম্পানী ‘টাটা এআইজি’ৰ তৰফৰ পৰা এখন ৰোগৰ তালিকা দিয়া হয় য’ত তেওঁ সেই ৰোগৰ বাবে স্বাস্থ্যবীমা গ্ৰহণযোগ্য নহয়। কিংকৰ্তব্য বিমোৰ হৈ অৱশেষত সাংবাদিকগৰাকীয়ে বন্ধু-বৰ্গৰ সহযোগত হাস্পতালৰ বিল পৰিশোধ কৰি হাস্পতাল ত্যাগ কৰে। সাংবাদিকগৰাকীয়ে অভিযোগ কৰা অনুসৰি ‘টাটা এআইজি’ বীমা কোম্পানীৰ এই নিয়মৰ বিষয়ে তেওঁক বীমা ক্ৰয় কৰাৰ সময়ত জনোৱা হোৱা নাছিল। তদুপৰি বীমাৰ এখন কাৰ্ডৰ বাদে তেওঁলৈ কোনোধৰণৰ নথি-পত্ৰ প্ৰেৰণ কৰা নাছিল। কেৱল এয়ে নহয় এনে বহু বীমা কোম্পানী আছে যি বীমা ক্ৰয় কৰাৰ পূৰ্বে গ্ৰাহকক এনেধৰণৰ তথ্য দাঙি নধৰে। আনহাতে, এই অভিজ্ঞতা কেৱল তেওঁৰ লগতে হোৱা নাই বুলি সাংবাদিকগৰাকীয়ে সদৰি কৰে যে হাস্পতাল কৰ্তৃপক্ষৰ পৰা জানিব পৰা অনুসৰি এনে বহু অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুখি হৈছে আন বহুজন। শুকুৰবাৰৰ সংবাদমেলৰ জৰিয়তে সাংবাদিকগৰাকীয়ে ‘টাটা এআইজি’ আদিৰ দৰে এনে প্ৰতাৰক বীমা কোম্পানীসমূহৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ বাবে চৰকাৰী কৰ্তৃপক্ষক আহ্বান জনোৱাৰ লগতে বীমা কোম্পানীৰ এনে নীতি ৰোগীক শেষ মুহূৰ্তত নকৈ আগতীয়াকৈ জনোৱাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে অনতপলমে বিজ্ঞাপন প্ৰকাশ কৰিবলৈ দাবী জনায়। অন্যথা পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা উল্লেখ কৰে সাংবাদিকগৰাকীয়ে।

You might also like