Your Voice, Our Strength

বি এছ এফৰ উদ্যোগত আৰক্ষী স্মৃতি দিৱস উদযাপন।

আজিৰ খবৰ, গুৱাহাটী, ২৩ অক্টোবৰ : সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত ২১ অক্টোবৰত আৰক্ষী স্মৃতি দিৱস উদযাপন কৰা হয় । এই উপলক্ষে মুখ্য কাৰ্যালয় চৌহদত বি এছ এফ আৰু প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিষয়া , জোৱানৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত ভাগ লৈ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ উপ মহা পৰিদৰ্শক আৰু প্ৰিন্সিপাল ষ্টাফ অফিচাৰ উমেশ কুমাৰ নায়ালে চমু ভাষণত আৰক্ষী স্মৃতি দিৱস উদযাপনৰ তাৎপৰ্য দাঙি ধৰে । অনুষ্ঠানত বি এছ এফ আৰু এন ডি আৰ এফৰ কেবাজনো বিষয়া উপস্থিত থাকে । আনহাতে একে সময়তে গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অধীনৰ চেক্টৰ আৰু ইউনিট মুখ্য কাৰ্যালয় সমূহতো আৰক্ষী স্মৃতি দিৱস উদযাপন কৰা হয় । উল্লেখযোগ্য যে ১৯৫৯ চনৰ ২১ অক্টোবৰত লাডাখৰ হট স্প্ৰিং অঞ্চলত চি আৰ পি এফৰ এটা দলক তহল দি থকাৰ সময়তে চীনা সৈন্যই অতৰ্কিতে আক্ৰমণ কৰি দহজনকৈ জোঁৱানক নিহত কৰে । সেই ঘটনাৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে দেশজুৰি প্ৰতি বছৰে ২১ অক্টোবৰৰ দিনটোত আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনী সমূহে আৰক্ষী স্মৃতি দিৱস পালন কৰি আহিছে ।

You might also like