Your Voice, Our Strength

আজাদী কা অমৃত মহোৎসৱত লোক নিৰ্মাণ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ পথ মেৰামতি অভিযান।

আজিৰ খবৰ, গুৱাহাটী , ২৫ অক্টোবৰ : ভাৰতবৰ্ষৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি দেশজুৰি চলি থকা “আজাদী কী অমৃত মহোৎসৱ” উপলক্ষে সমগ্ৰ দেশ কিম্বা ৰাজ্য খনৰ বিভিন্ন দায়িত্বশীল বিভাগকে ধৰি আন দল-সংগঠনে কেতবোৰ উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । ইয়াৰ অংশহিচাপে আজি অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ উদ্যোগত পথ মেৰামতি অভিযান চলোৱা হয় । উল্লেখ্য যে পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনৰ দুটা পথ ক্ৰমে – ২০১৯ চনত নিৰ্মাণ সম্পূৰ্ণ হোৱা ৰাণী এন ই চিৰ পৰা ৰঙাপাৰা পথ (পেকেজ নং এ এছ ১১-৬৬০) আৰু ২০১৮ চনত নিৰ্মাণ সম্পূৰ্ণ হোৱা আল্লীবাৰী পথ (পেকেজ নং এ এছ ১১-৬৬৮)ৰ বিভাগীয়ভাৱে মেৰামতিৰ কাম আৰম্ভ কৰা হয় । সেই অনুসৰি পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কুশল কাকতি আৰু কনিষ্ঠ অভিযন্তা কৃষ্ণ দাসৰ নেতৃত্বত এটা শ্ৰমিক – কৰ্মচাৰীৰ দলে পথদুটাৰ গাঁত সমূহ পৰিপূৰ্ণ কৰা , দাঁতি পৰিস্কাৰ কৰা , পানী পৰিবাহী নলা পৰিস্কাৰ কৰা , ফলকত ৰং কৰা আদি কামবোৰ দিনজোৰা কাৰ্যসূচীৰে ৰূপায়ণ কৰে । অভিযানত ৰাণী উন্নয়ন খণ্ডৰ কেবাগৰাকী কৰ্মচাৰী উপস্থিত থাকে । বিভাগীয় পাঁচ বছৰীয়া মেৰামতি জনিত কাম-কাজৰ জৰিয়তে পথৰ গাঁত সমূহ পৰিপূৰ্ণ কৰাৰ লগতে পথৰ দুই দাঁতি পৰিস্কাৰ কৰা , পানী পৰিবাহী নলা পৰিস্কাৰ কৰা আৰু ফলকত ৰং কৰাৰ পিছত পথ কেইটা অধিক দৃষ্টিনন্দন হৈ পৰে । ইয়াৰে সমান্তৰালকৈ বৃদ্ধি পায় পথ কেইটাৰ স্থায়ীত্ব । আনহাতে লোক নিৰ্মাণ বিভাগৰ এনে পদক্ষেপক অঞ্চলটোৰ ৰাইজে প্ৰশংসা কৰে ।

You might also like