Your Voice, Our Strength

এইবাৰ অসমত আৰম্ভ হৈছে “চিপকো আন্দোলন” ।

হোজাই জিলাৰ ডবকাত আৰম্ভ হৈছে এই ‘চিপকো’ আন্দোলন ।

আজিৰ খবৰ, ২৫ অক্টোবৰ : ১৯৭৩ চনত উত্তৰাখণ্ডৰ গাড়োৱালত চণ্ডী প্ৰসাদ ভাট, সুন্দৰলাল বহুগুণাৰ নেতৃত্বত আৰম্ভ হৈছিল এক আন্দোলন। প্রকৃতি আৰু গছ সংৰক্ষণৰ বাবে আৰম্ভ হোৱা এই আন্দোলনৰ নাম দিয়া হৈছিল ‘চিপকো আন্দোলন’। ‘চিপকো’ৰ অৰ্থ হৈছে সাবটি ধৰা। সেই সময়ত বন বিভাগৰ একাংশ ঠিকাদাৰে গছ কটাৰ বিৰুদ্ধে গছক সাবটি ধৰি সুৰক্ষা প্ৰদানৰ চেষ্টা কৰিছিল আন্দোলনকাৰীসকলে। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সদায়েই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে এই আন্দোলন । এতিয়া সেই ‘চিপকো’ আন্দোলনৰ আদৰ্শৰেই বৃক্ষ সুৰক্ষাৰ হকে আন্দোলন আৰম্ভ কৰিছে হোজাই জিলাৰ ডবকাৰ একাংশ প্ৰকৃতিপ্ৰেমী আৰু সচেতন লোকে। উল্লেখযোগ্য যে চাৰিলেনযুক্ত পথ নিৰ্মাণ আৰু সম্প্ৰসাৰণৰ বাবে হোজাই জিলাৰ ডবকা বনাঞ্চলৰ পাঁচ সহস্ৰাধিক গছ কটাৰ পৰিকল্পনা কৰা হৈছে । ডবকা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে যোৱা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ সম্প্ৰসাৰণ কৰা হ’ব। হোজাই জিলাৰ ১৫ কিলোমিটাৰ পথৰ ভিতৰত ১২ কিলোমিটাৰ পথ ডবকা সংৰক্ষিত বনাঞ্চলখনৰ মাজেৰে যাব। পথ সম্প্ৰসাৰণৰ বাবে বনাঞ্চলৰ পাঁচ সহস্ৰাধিক মূল্যৱান গছ কাটিবলগীয়া হ’ব। ইয়াৰ ফলত বনাঞ্চলখন সংকুচিত হোৱাৰ লগতে প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাব। তদুপৰি এনে কাৰ্যৰ দ্বাৰা ইয়াত বাস কৰা বন্য প্রাণীকুলৰ প্ৰতিও চৰম ভাবুকিৰ সৃষ্টি হৈছে। সেয়েহে বনাঞ্চলখন ৰক্ষাৰ স্বাৰ্থত ২২ অক্টোবৰ তাৰিখে ডবকা আঞ্চলিক আমছু আৰু হোজাই জিলা আমছুৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত শতাধিক লোকে ডবকা শাল বাগানত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰত ‘আমাক নাকাটিব’, ‘আমাক হত্যা নকৰিব’, ‘আমাক সুৰক্ষা দিয়ক, ‘অক্সিজেনৰ স্বাৰ্থত আমাক ৰক্ষা কৰক’ আদি শ্ল’গান দি একো একোখন প্লে-কাৰ্ড গছত আঁৰি গছবোৰ সাবটি ধৰি চিপকো আন্দোলনৰ আৰ্হিত এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। উপস্থিত পৰিৱেশ সচেতন ৰাইজে একত্ৰিত হৈ ডবকা বনাঞ্চল ৰক্ষা কৰক, চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত গছ কটা বন্ধ কৰক, বনৰীয়া প্ৰাণীৰ বাসস্থান ধ্বংস কৰা নচলিব ইত্যাদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে। হোজাই জিলা আমছুৰ সভাপতি কবিৰ আহমেদ লস্কৰে কয়— ‘প্ৰস্তাৱিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত সংৰক্ষিত বনাঞ্চলখনৰ গছ কটা কার্য কোনো কাৰণতে মানি লোৱা নহ’ব । পথ সম্প্ৰসাৰণৰ বাবে বিকল্প পথৰ ব্যৱস্থাও কৰিব পৰা যায়। গতিকে অতি শীঘ্ৰে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ ডবকা সংৰক্ষিত বনাঞ্চলৰ মাজেদি নিৰ্মাণ কাৰ্য চলোৱাৰ পৰিৱর্তে বিকল্পভাৱে পথছোৱা সম্প্ৰসাৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ।’ উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথছোৱা ডবকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পিছফালেদি নিৰ্মাণ কৰি নি দীঘলজাৰুণি বনগাঁও, টঙীয়া, হীৰাগাঁও তপতজুৰি, হালধিআটী হৈ কাৰ্বি আংলং জিলাত সোমালে সংৰক্ষিত বনাঞ্চলখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ’ব। পথ নিৰ্মাণৰ নামত বৃহৎ সংখ্যক গছ কাটিলে বাস্তৱিকতে প্রাকৃতিক ভাৰসাম্য বিনষ্ট হ’ব। জানিব পৰা মতে, ইতিমধ্যে বন বিভাগে কাটিবলগীয়া গছবোৰ চিনাক্ত কৰি নম্বৰো দি দিছে। শতবছৰ গৰকা এই গছবোৰ কটাক লৈ ডবকাৰ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, সচেতন মহল জাঙুৰ খাই উঠিছে। আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা এই যে বনাঞ্চলখন বর্তমানে বান্দৰ, পহু, বনগাহৰি, হাতী, হলৌবান্দৰ, নাহৰফুটুকী আদিৰ বাসস্থান।বনাঞ্চলখনৰ পাঁচ সহস্ৰাধিক গছ কাটিলে এই জীৱসমূহ থাকিবলৈ বাসস্থান নাইকিয়া হ’ব আৰু এই জীৱ-জন্তুসমূহ জনাঞ্চললৈ গমন কৰিব আৰু মানুহ আৰু জীৱ-জন্তুৰ সংঘাত বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে। তদুপৰি পক্ষীকুলৰো ব্যাপক ক্ষতি সাধন হ’ব বুলি আশংকা কৰা হৈছে। বৰ্তমানে বনাঞ্চলখনৰ ছটা স্থানত হস্তী কৰিড’ৰ আছে। চাৰিলেনযুক্ত ঘাইপথ এইফালে নির্মাণ হ’লে হাতীৰ অহা-যোৱাতো অসুবিধাৰ সৃষ্টি হ’ব। প্ৰস্তাৱিত চাৰিলেনযুক্ত পথটো ডবকা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে নগৈ যদি বনাঞ্চলখনৰ কাষেৰে যায়, তেনেহলে, মূল্যৱান গছবোৰ ৰক্ষা পৰিব আৰু ৰাইজো উপকৃত হ’ব। ইতিমধ্যে স্থানীয় ৰাইজ, আছু আৰু আমছুৱে বনাঞ্চলখনৰ মাজেৰে যোৱা পথটোৰ গতি সলনি কৰি বনাঞ্চলখনৰ কাষেৰে লৈ যাবলৈ হোজাই জিলা উপায়ুক্ত আৰু বন সংমণ্ডল বিষয়াক পৃথকে পৃথকে স্মাৰক পত্ৰও প্ৰদান কৰিছে।

You might also like