Your Voice, Our Strength

বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰত তদাৰকী সজাগতা সপ্তাহ আৰম্ভ।

আজিৰ খবৰ, গুৱাহাটী , ২৬ অক্টোবৰ : সীমান্ত নিৰাপত্তা বাহিনীৰ ( বি এছ এফ ) আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত আজিৰে পৰা আৰম্ভ হৈছে তদাৰকী সজাগতা সপ্তাহৰ কাৰ্যসূচী । একে সময়তে গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অধীনৰ চেক্টৰ আৰু ইউনিট মুখত কাৰ্যালয় সমূহতো আৰম্ভ হোৱা এই সজাগতা সপ্তাহৰ কাৰ্য্যসূচীৰ পহিলা নৱেম্বৰত সামৰণি পৰিব । আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি ফ্ৰণ্টিয়াৰ মুখত কাৰ্যালয় চৌহদত উপস্থিত বাহিনীটোৰ বিষয়া – জোৱানক সজাগতা সপ্তাহৰ শপত বাক্য পাঠ কৰোৱাই বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহা পৰিদৰ্শক সঞ্জয় সিং গেহলতে । ভাষণ প্ৰসংগত গেহলতে সজাগতা সপ্তাহ পালনৰ তাৎপৰ্য দাঙি ধৰে । আনহাতে সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় একতাৰ উপৰিও ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা , চাইকেল ৰেলী , আদি অনুষ্ঠিত হব বুলি গুৱাহাটী ফ্ৰণ্টিয়াৰৰ জনসম্পৰ্কৰক্ষী বিষয়াই জানিবলৈ দিছে ।

You might also like