Your Voice, Our Strength

খানাপাৰাত আৱকাৰী অভিযান ; চুলাই মদসহ অটো জব্দ তিনিজনক আটক।

আজিৰ খবৰ, গুৱাহাটী, ২৮ অক্টোবৰ: আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে বিগত সময়চোৱাত দেশী বিদেশী অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে । আনহাতে কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গোপন সূত্ৰৰ পম খেদি গুৱাহাটী সদৰৰ আৱকাৰী পৰিদৰ্শক গোবৰ্ধন ডেকাৰ নেতৃত্বত এটা আৱকাৰী দলে আজি পুৱা খানাপাৰাত ৰাষ্ট্ৰীয় ঘাইপথত সোণাপুৰৰ ডিগাৰুৰ পৰা এ এছ ০১ এম চি ৫৬৭৪ নম্বৰৰ এখন যাত্ৰীবাহী অটো’ত কৌশলেৰে অনা অৱস্থাত প্ৰায় ৭০ লিটাৰ চুলাই মদ জব্দ কৰে । অভিযানত মদ সৰবৰাহ কৰা কৰা দুজনী মহিলাৰ লগতে চালকজনক আটক কৰা হয় । আনহাতে আটকাধীন তিনিওজনৰ বিৰুদ্ধে অসম আৱকাৰী আইন ৫৩ ( ১ ) ক- ৰ অধীনত গোচৰ ৰজু কৰি বিয়লি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

You might also like