Your Voice, Our Strength

অৱশেষত ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত মুখ খুলিলে আকাশে।

বেলতলাৰ বৰুৱা দম্পতীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিলে কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে।

আজিৰ খবৰ, গুৱাহাটী, ২৯ অক্টোবৰ: বেলতলাৰ ছাৰ্ভেৰ বৰুৱা দম্পতীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিলে অভিযুক্ত কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে।

 

⏺যোৱানিশা বশিষ্ঠ আৰক্ষী থানাত ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত মুখ খুলিলে আকাশে।কিন্তু এতিয়াও বহু কথা কোৱা নাই আকাশ চৌধুৰীয়ে।

 

P&C

⏺উল্লেখযোগ্য যে, ছাৰ্ভেৰ চন্দন নগৰত শোৱাপাটীতে হত্যা কৰা হৈছিল ননী গোপাল বৰুৱা আৰু তেওঁৰ পত্নী মীনা বৰুৱাক।

 

⏺হত্যাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল বৃদ্ধ দম্পতীৰ কেয়াৰটেকাৰ আকাশ চৌধুৰীক।গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা হত্যাৰ অভিযোগ অস্বীকাৰ কৰি আহিছিল আকাশে।

 

⏺২০ বছৰ ধৰি ছাৰ্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতীৰ কেয়াৰটেকাৰ হিচাপে আছিল আকাশ চৌধুৰী।বৃহস্পতিবাৰে নৱগ্ৰহ শ্মশানত বৰুৱী দম্পতীৰ শেষকৃত্য সম্পন্ন কৰা হয়।

You might also like