Your Voice, Our Strength

শিক্ষা মন্ত্ৰীক সাক্ষাৎ সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ।

সমস্যা সমাধানৰ আশ্বাস শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ।

আজিৰ খবৰ, গুৱাহাটী, ২৯ অক্টোবৰ: সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ এটা সজাতী দলে ২৮ অক্টোবৰ বৃহস্পতিবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুক সাক্ষাৎ কৰি ২০ দফীয়া দাবী সম্বলিত পত্ৰ প্ৰদান কৰে । উল্লেখ্য যে সুদীৰ্ঘ সময় ধৰি প্ৰাথমিক শিক্ষক সকলৰ বিভিন্ন সমস্যা শিক্ষা বিভাগক অৱগত কৰি আহিছিল যদিও বহু সমস্যা সমাধান কৰাত চৰকাৰ তথা শিক্ষা বিভাগে গুৰুত্ব প্ৰদান কৰা নাছিল । যাৰ ফলত শিক্ষকে বিদ্যালয় এৰি প্ৰাপ্য অধিকাৰৰ বাবে বহুবাৰ ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰাও দেখা গৈছিল । শিক্ষক সকলৰ মূল দাবী সমূহৰ ভিতৰত প্ৰাথমিক বিদ্যালয় সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি নিযুক্তি ব্যৱস্থা কৰা,গ্ৰেড পে ৭৮০০ টকা বাহাল ৰখা,এন এছ পিৰ পৰিবৰ্তে অ পি এছৰ ব্যৱস্থা কৰা,শিক্ষকবিহীন বিদ্যালয়ত শিক্ষক নিযুক্তি,বেতন বঞ্চিত শিক্ষকক ন্যায় প্ৰদান,১৯-২০,২১-২২ বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলক মুখ্যমন্ত্ৰী বৃত্তি পৰীক্ষা ব্যৱস্থা কৰা,আৰ আই আই এম এছ এ পি পি অতি শীঘ্ৰে বাতিল কৰা আদি । বৰ্তমান সময়ত শিক্ষক সমাজে সন্মুখীন হৈ থকা এনেবোৰ বহু সমস্যা উল্লেখ কৰি পুনৰ শিক্ষমন্ত্ৰীক সমস্যাসমূহৰ সমাধান দাবী কৰে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰতিনিধি দলে । সন্থাৰ সভাপতি আয়ুব আলি আহমেদ আৰু ভাৰপ্ৰাপ্ত সম্পাদক টুটু বৰঠাকুৰে জানিবলৈ দিয়া মতে শিক্ষামন্ত্ৰীৰ সৈতে হোৱা সৌহাদ্যপূৰ্ণ আলোচনাত সমস্যাসমূহ গুৰুত্ব সহকাৰে লৈ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে ।

You might also like