Your Voice, Our Strength

দাঢ়ি কমাৰ হেৰফেৰ নকৰাকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰূপায়ণ কৰিব অসম চুক্তি।

গুৱাহাটী, ২৯ অক্টোবৰ, ২০২১:  দাঢ়ি-কমাৰ হেৰফেৰ নকৰাকৈ অসম চুক্তিৰ দফাই দফাই উল্লেখ থকা প্ৰতিটো পৰ্মাৱলী ৰূপায়ণ কৰাৰ কাৰণে ডঃ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰে সকলাে ধৰণৰ তৎপৰতা আৰম্ভ কৰি দিছে। ভাৰতীয় জনতা পার্টিয়ে “ভিজনডকুমেন্ট”ত দিয়া প্রতিশ্রুতি অনুসৰিয়েই চৰকাৰ গঠন কৰাৰ পিছত অসম চুক্তি ৰূপায়ণৰ বাবে প্রয়ােজনীয় “ফ্ৰেমৱৰ্ক” প্রস্তুত কৰাৰ কাৰণে এক উপ সমিতি গঠন কৰে। মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰাৰ পাছতেই ডঃ হিমন্ত বিশ্ব শৰ্মাই “ফ্ৰেমৱৰ্ক” প্রস্তুত কৰাৰ বাবে উপ সমিতি গঠন কৰাতেই ক্ষান্ত নাথাকি চুক্তি অনুসৰি অসমৰ ভূমিৰ ওপৰত অসমীয়া মানুহৰ অধিকাৰ স্থাপন কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। ভূমি সংস্কাৰ, বেদখল উচ্ছেদ, সত্র-দেৱালয় আদিৰ ভূমি উদ্ধাৰকে ধৰি বিভিন্ন ধৰণৰ ব্যৱস্থা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই অসম

চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত বিজেপি দলৰ দায়ৱদ্ধতাৰ কথা দোহাৰি এনেদৰে মত পােষণ কৰে। শ্ৰী শৰ্মাৰ মতে ১৯৮৫ চনতেই স্বাক্ষৰিত অসম চুক্তিৰ প্রতিটো দফা ৰূপায়ণৰ ক্ষেত্ৰত কেৱল বিজেপি নেতৃত্বাধীন চৰকাৰেহে বাস্তৱ পদক্ষেপ গ্রহণ কৰি আহিছে। এই ক্ষেত্ৰত পূৰ্বৰ অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ লগতে নৰেন্দ্র মােদী চৰকাৰ আৰু ৰাজ্যৰ সৰ্বানন্দ সােণােৱাল তথা ডঃ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সর্বাধিক মনােনিৱেশন কৰি আহিছে। অসম আৰু অসমীয়াৰ আৱেগৰ দলিল অসম চুক্তিক কংগ্ৰেছৰ দৰে বিজেপি দলে কেতিয়াও অৱহেলা কৰা নাই বুলি বিবৃতিত উল্লেখ কৰা হয়। উল্লেখযােগ্য যে অসম চুক্তিৰ দফাসমূহ ৰূপায়ণৰ লক্ষ্যৰে যােৱা ৭ ছেপ্তেম্বৰত মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। উক্ত দিনা ঐতিহাসিক চুক্তিখনৰ দফাসমূহ ৰূপায়ণৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ গ্রহণ কৰাৰ লক্ষ্যৰে মন্ত্রী অতুল বৰাৰ অধ্যক্ষতাত এখন উপ সমিতি গঠন কৰা হয়। সেই পদক্ষেপৰ ধাৰাবাহিকতা ৰক্ষা কৰি গুৱাহাটীস্থিত অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত উপ- সমিতি খনৰ প্ৰথমখন সভা ২৮ অক্টোবৰৰ দিনা মন্ত্রী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয়। অসম চুক্তিৰ দফাসমূহ সঠিকভাৱে ৰূপায়ণ কৰাৰ দিশত এক সুপৰিকল্পিত ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰাৰ সন্দৰ্ভত বৈঠকত আলােচনা কৰা হয়। ফ্ৰেমৱৰ্ক প্রস্তুতিৰ কামসমূহ ত্বৰান্বিত কৰিবলৈ প্রতি ১৫ দিনৰ মূৰত উপ সমিতিখন নিয়মীয়াকৈ বৈঠকত মিলিত হােৱাৰ বাবে প্ৰথমখন বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হয়। ২৮ অক্টোবৰৰ দিনা অনুষ্ঠিত হােৱা এই গুৰুত্বপূৰ্ণ বৈঠকত উপ-সমিতিি খন ৰসদস্য ক্রমে মন্ত্রী অজন্তা নেওগ, আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচার্য, সভাপতি দীপাংকৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, আছুৰ উপদেষ্টাদ্বয় ক্রমে প্রকাশ চন্দ্র দাস আৰু উদ্দীপজ্যোতি গগৈ উপস্থিত থাকে। ইয়াৰােপৰি বৈঠকত অসম চুক্তি ৰূপায়ণ বিভাগৰ আয়ুক্ত সচিব জ্ঞানেন্দ্র ত্রিপাঠী, বিশেষ কৰ্তব্যৰত বিষয়া জয়ন্ত কুমাৰ গােস্বামী তথা অসম চৰকাৰৰ অতিৰিক্ত সচিব জি এছ পানেছাৰ উপস্থিত থাকে।

P&C
You might also like