Your Voice, Our Strength

আজাদী কি অমৃত মহোৎসৱত পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ চাফাই অভিযান।

আজিৰ খবৰ, গুৱাহাটী, ৩১ অক্টোবৰ : ভাৰতবৰ্ষৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি দেশজুৰি অনুষ্ঠিত কৰি অহা “আজাদী কি অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি ২৯ অক্টোবৰত পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত পূৰ্বতে প্ৰধানমন্ত্ৰী গ্ৰাম চৰক যোজনা চমুকৈ পি এম জি এছ ৱাই আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰা দুটা গুৰুত্বপূৰ্ণ পথত চাফাই অভিযান চলোৱাৰ লগতে পথ মেৰামতি , পথৰ সংকেতমূলক চাইনবৰ্ডত পেইণ্টিং , কালভাৰ্টত পেইণ্টিং , পথৰ দাঁতিৰ পানী পৰিবাহী নলা মেৰামতিৰ লগতে চাফ চিকুণ কৰা হয় । পথ দুটা হল ক্ৰমে – ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কুঁৱৰীগাঁও পথ ( পেকেজ নং এ এছ ১১-৬২৪ ) আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ সমীপৰ পৰা পশ্চিম কুমাৰবৰী পথ (পেকেজ নং এ এছ ১১- ২৩২ ) । আনহাতে লোক নিৰ্মাণ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দিগন্ত গগৈ , সহকাৰী কাৰ্যবাহী অভিযন্তা কুশল কাকতি , ক্ষেত্ৰ বিষয়া কৃষ্ণ দাসৰ নেতৃত্বত বিভাগীয় কৰ্মচাৰী সকলেপথ দুটাৰ গাঁত সমূহ পৰিপূৰ্ণ কৰা , দাঁতি পৰিস্কাৰ কৰা , পানী পৰিবাহী নলা পৰিস্কাৰ কৰা , চাইনবৰ্ডত ৰং কৰা আদি কামবোৰ দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন কৰে । কাৰ্যসূচীত কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া , কেবাগৰাকী পঞ্চায়ত সদস্য , উপস্থিত থাকে । উল্লেখযোগ্য যে বিগত কিছুদিন পূৰ্বেও পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলে ৰাণী অঞ্চলত দুটা পথত এনে ধৰণৰ কাম কৰি ৰাইজৰ প্ৰশংসা লাভ কৰিছিল ।

You might also like