
২ নৱেম্বৰত বিশ্ব আয়ুৰ্বেদ দিৱস আৰু ধনন্তৰী দিৱসৰ আয়োজন।
আজিৰ খবৰ, গুৱাহাটী, ৩১ অক্টোবৰ : আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ প্ৰচাৰ আৰু উত্তৰণৰ লক্ষ্যৰে নতুনকৈ গঠন কৰা আয়ুৰ্বেদিক চিকিৎসা সন্থাই অহা ২ নৱেম্বৰত ষষ্ঠ বিশ্ব আয়ুৰ্বেদ দিৱস আৰু ধনন্তৰী দিৱস উদযাপনৰ আয়োজন কৰা হৈছে । সন্থাৰ সভাপতি ডাঃ অৰবিন্দ দাস আৰু সাধাৰণ সম্পাদক ডাঃ বিষ্ণু চৌধুৰীয়ে জানিবলৈ দিয়া মতে সিদিনা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়ুৰ্বেদ চিকিৎসা শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰা হব । তেনেদৰে কামৰূপ জিলা ভিত্তিত চাংসাৰীৰ কাষৰীয়া ডোৰাকহৰাৰ ভিতৰখোলা এম ই বিদ্যালয়ত দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হব । কাৰ্যসূচীত মুখ্য অতিথি হিচাপে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা , সন্মানীয় অতিথি হিচাপে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী , কামৰূপ জিলাৰ উপায়ুক্ত , অতিৰিক্ত উপায়ুক্ত ( স্বাস্থ্য ) কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক , জিলা প্ৰাথমিক শিক্ষা বিষয়া উপস্থিত থাকিব ।