Your Voice, Our Strength

কেৰেলাৰ কোচিন বন্দৰন্যাস, কোচিন পিয়ার্ড লিমিটেড আৰু বন্দৰৰ অংশীদাৰসকলৰ সৈতে পর্যালােচনা বৈঠকত মিলিত হয় কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে।

আজিৰ খবৰ, কেৰেলা, ৩১ অক্টোবৰ: কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে আজি কেৰেলাৰ কোচিন বন্দৰ ন্যাসৰ অধ্যক্ষ ড° এম বীনা আৰু মুৰব্বীসকলৰ সৈতে এক পর্যালােচনা বৈঠকত মিলিত হয়। বৈঠকত কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে উপস্থিত থাকে কেন্দ্রীয় বন্দৰ,জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ৰ সচিব সঞ্জীৱ ৰঞ্জন, অতিৰিক্ত সচিব সঞ্জয় বেনাৰ্জী প্ৰমুখ্যে উচ্চপদস্থ বিষয়াসকল। বন্দৰটোৰ কার্যক্ষমতা বৃদ্ধি, ৰপ্তানিৰ কাম-কাজ বৃদ্ধি, সুব্যৱস্থাপনা, জাহাজৰ সুচল যাতায়াত, অত্যাধুনিক সা-সুবিধা উপলব্ধকৰণ, উপকূলীয় অঞ্চলৰ উন্নয়ন, কার্গ পৰিবহণ ইত্যাদি বিভিন্ন দিশ বৈঠকত সবিস্তাৰে আলােচনা কৰা হয়। যাৱতীয় প্রকল্পসমূহৰ কাম-কাজ ত্বৰান্বিত কৰি বৰটোৰ কার্যক্ষমতা বৃদ্ধিৰ লগতে ইয়াৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত তৎপৰতাৰে পদক্ষেপ ল’বলৈ বিষয়াসকলক কেন্দ্রীয় মন্ত্রীগৰাকীয়ে নির্দেশ দিয়ে। লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি সমগ্র দেশজুৰি আয়ােজিত “ৰাষ্ট্ৰীয় একতা দিৱস” উপলক্ষে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আজি কোচিত লৌহমানৱগৰাকীৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ দেশৰ একতা, অখণ্ডতা সুদৃঢ় কৰাৰ লগতে ৰাষ্ট্র নির্মাণৰ দিশত চৰ্দাৰ বল্লভভাই পেটেলৰ উল্লেখযােগ্য অৱদানৰ কথা কেন্দ্রীয় মন্ত্রীগৰাকীয়ে শ্রদ্ধাৰে স্মৰণ কৰে। তদুপৰি সৰ্বানন্দ সােণােৱালে আজি কোচিত কোচিন শ্বিপয়ার্ড লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মধু এছনায়াৰ আৰু উচ্চপদস্থ বিষয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হয় আৰু কোচিন শ্বিপয়ার্ডৰ বিভিন্ন কাম-কাজৰ খতিয়ান লয়।কোচিন বন্দৰ ন্যাসে আয়ােজন কৰা প্রতিযােগিতাসমূহৰ বিজয়ীসকলক কেন্দ্রীয় মন্ত্রীগৰাকীয়ে বঁটা প্রদান কৰি আন্তৰিক অভিনন্দন জনায়। লগতে কোচিন বন্দৰ ন্যাস পৰিয়ালৰ সুনাম কৰা খেলুৱৈ আৰু ক’ভিড-১৯ যােদ্ধাসকলকো তেখেতে সম্বর্ধনা জ্ঞাপন কৰে।সর্বানন্দ সােণােৱালে আজি কোচিন বন্দৰ ন্যাসৰ অংশীদাৰসকলৰ সৈতেও মত বিনিময় কৰে। ভাৰতৰ বন্দৰ অভিমুখী উন্নয়নক গতিশীলতা প্রদান কৰি কোচিন বন্দৰক এক অত্যাধুনিক আৰু বিশ্বমানৰ বন্দৰ হিচাপে গঢ়ি তােলাৰ ক্ষেত্ৰত ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে অংশীদাৰসকলক তেখেতে আহ্বান জনায়।

P&C
You might also like