Your Voice, Our Strength

মেঘালয় সীমান্তৰ কপিলীৰ পৰা অত্যাধুনিক প্ৰযুক্তিৰে জালুকপাহামলৈ হব নতুন পথ।

আজিৰ খবৰ, গুৱাহাটী, ৩১ অক্টোবৰ : পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ২০১৬ চনৰ পৰা একেৰাহে দুবাৰকৈ আৰু ২০২১ চনত ষষ্ঠ বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হোৱাৰ পাছত ৰাণী উন্নয়ন খণ্ডই সামৰি লোৱা মেঘালয় সীমান্তবৰ্তী অঞ্চলৰ বাট পথকে ধৰি আন্তঃগাঁথনি উন্নয়নৰ কামত নিজকে আত্মনিয়োগ কৰা পৰিৰক্ষিত হৈছে । বিশেষকৈ ক’ভিড পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ পাছত বিধায়ক কলিতাই মেঘালয় সীমান্তবৰ্তী অঞ্চলৰ বাট পথ সমূহৰ আধৰুৱা কাম কাজ সমূহ তুৰাম্বিত কৰি তোলাৰ বাবে পথ নিৰ্মাণৰ দায়িত্বত থকা লোক নিৰ্মাণ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অভিযন্তা সকলক নিৰ্দেশ দিছে । আনকি ২৯ নৱেম্বৰত বিধায়ক কলিতাই বিভিন্ন কাৰিকৰী কাৰণৰ বাবে আধৰুৱা হৈ পৰি থকা মেঘালয় সীমান্তৰ ৰাণী কপিলীৰ পৰা জালুকপাহাম সংযোগী পথচোৱা পৰিদৰ্শন কৰে । বিধায়ক গৰাকীক সংগ দিয়ে পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দিগন্ত গগৈ , সহকাৰী কাৰ্যবাহী অভিযন্তা কুশল কাকতি , ক্ষেত্ৰ বিষয়া কৃষ্ণ দাস , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন , অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী , পৰেশ বৰুৱাকে ধৰি কেবাজনো অগপ নেতা উপস্থিত থাকে । আনহাতে পৰিদৰ্শন কালত বিধায়ক কলিতাই লোক নিৰ্মাণ বিভাগৰ অভিযন্তা সকলক প্ৰধানমন্ত্ৰী গ্ৰামচৰক যোজনাৰ অধীনত নিৰ্মাণ কৰিবলগীয়া প্ৰায় ২১ কিঃমিঃ পথৰ অংশখিনী অত্যাধুনিক প্ৰযুক্তিৰে যাতে বিজ্ঞানসন্মতভাবে নিৰ্মাণ কৰা হয় তাৰ বাবে আহ্বান জনায় । ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত বিধায়ক কলিতাই কয় ইতিমধ্যে মেঘালয় সীমান্তৰে আৱৰি থকা ৰাণী আৰু গড়ভঙা বনাঞ্চলৰ প্ৰতিটো অঞ্চলৰ বাট পথ যাতে লখৰা আৰু ৰাণী কপিলী সংযোগী দুয়োটা পথৰ লগত সংযোজিত হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । দৰকাৰ হলে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰা হব যাতে যাতায়ত ব্যৱস্থাটো সুচল হয় । এই লক্ষ্যৰে লখৰাৰ পৰা গড়ভঙালৈ পি এম জি এছ ৱাই আঁচনিৰ অধীনত পথ ননিৰ্মাণ কৰা হৈছে । পৰৱৰ্তী সময়ত ৰাণী কপিলীৰ পৰা জালুকপাহামলৈ পথ নিৰ্মাণ হলে সমগ্ৰ মেঘালয় সীমান্তবৰ্তী অঞ্চলটোৰ যাতায়ত ব্যৱস্থাটো সুচল হৈ পৰিব । ২০১৯ চনত ৰাণী কপিলীৰ পৰা পি এম জি এছ ৱাই আঁচনিৰ অধীনত জালুকপাহামলৈ প্ৰায় ২৪.২ কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱাৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল । কিন্ত প্ৰায় ৩.৪ কিঃমিঃ পথ নিৰ্মাণ কৰাৰ পাছত বিভিন্ন কাৰিকৰী কাৰণত পথচোৱাৰ নির্মাণকাৰ্য দায়িত্ব লাভ কৰা ঠিকাদাৰজনে বন্ধ ৰাখে । যাৰ বাবে লোক নিৰ্মাণ বিভাগে বাকী ৰৈ যোৱা প্ৰায় ২১ কিঃমিঃ দৈৰ্ঘ্যৰ পথৰ অংশখিনী পৰিবেশ সংৰক্ষণ কৰি নতুন অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে । ইতিমধ্যে এই সন্দৰ্ভত নিবিদায়ো আহ্বান কৰা হৈছে বুলি লোক নিৰ্মাণ বিভাগৰ সূত্ৰত প্ৰকাশ ।

You might also like