Your Voice, Our Strength

বিশিষ্ট পৰিবেশ বিশেষজ্ঞ ডঃ প্ৰণৱ জ্যোতি পাতৰক ” Green Future Leadership Award ” আৰু ” Water Leadership Award ” বঁটা প্ৰদান।

আজিৰ খবৰ, গুৱাহাটী, ৩১ অক্টোবৰ : দেশৰ অন্যতম বিশিষ্ট পৰিববেশ বিশেষজ্ঞ ডঃ প্ৰণৱ জ্যোতি পাতৰক ২৭ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত সপ্তম সংখ্যক ৰাষ্ট্রীয় CSR leadership অধিবেশনত ” Green Future Leadership Award ” আৰু “Water Leadership Award ” ৰ দৰে দুটাকৈ অতি সন্মানীয় বিশেষ পুৰস্কাৰৰে সন্মানিত কৰা হৈছে। ডঃ পাতৰ বিগত কিছু বছৰ ধৰি Corporate Social Responsibility (CSR) বা সামাজিক দায়বদ্ধতা আঁচনিৰ মাধ্যমেৰে গোটেই ভাৰতবৰ্ষতে সামাজিক আৰু পৰিবেশৰ ক্ষেত্রখনত বিভিন্ন ধৰণৰ পৰিবেশ সংৰক্ষণৰ প্ৰকল্পৰ জৰিয়তে বহুখিনি ভাল কাম হোৱাটো পৰিলক্ষিত হৈছে। তাৰ মূলতেই আছে ২০১৪ চনত সংশোধিত Companies Act 2013, যাৰ মাধ্যমেৰে ভাৰতত কৰা হৈছিল ব্যৱসায়িক গোষ্ঠীবোৰৰ CSR প্ৰকল্পলৈ বাধ্যতামূলক আৰ্থিক অৰিহণা যোগোৱা । এনে ধৰণৰ আইন অনা ভাৰতেই হৈছে বিশ্বৰ প্ৰথমখন দেশ। CSR ক্ষেত্রখনৰ লগত জড়িত ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠান বোৰক এখন উমৈহতীয়া মঞ্চ আৰু তেওঁলোকৰ উল্লেখনীয় অৱদান বোৰক স্বীকৃতি দিয়াৰ বাবেই মুম্বাইতস্থিত World CSR Day নামৰ সংস্থাটোৱে কেইবা বছৰ ধৰি CSR leadership কংগ্ৰেছৰ বা অধিবেশনৰ আয়োজন কৰি আহিছে। আনহাতে ২৭ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত অনুষ্ঠানত ডঃ প্ৰণৱক, তেওঁৰ জলবায়ু পৰিৱৰ্তন আৰু পানীৰ সমস্যাকে ধৰি কেতবোৰ পৰিৱেশ জানিত সমস্যাৰ কাৰণে হাতত লোৱা প্ৰকল্পৰ বাবেই এই দুটা সন্মানীয় বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰীয় – আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেবাটাও বহুজাতিক প্ৰতিষ্ঠানৰ CSR ক্ষেত্ৰখনৰ লগত জড়িত কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল । উল্লেখযোগ্য যে, অসমৰ মৰিগাঁওত জন্মলাভ কৰা ডঃ প্ৰণৱ জ্যোতি পাতৰ সম্প্ৰতি নতুন দিল্লীস্থিত গ্লোবেল ফাউণ্ডেছন ফৰ এডভেন্সামেণ্ট অফ এনভাইৰণমেণ্ট শীৰ্ষক এটি ইন্দো আমেৰিকান সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কৰ্মৰত । তেওঁলোকে দেশৰ বিভিন্ন ৰাজ্যত কাম কৰি থকাৰ লগতে অসমতো পৰিৱেশ সংৰক্ষণমূলক কাম কৰাৰ পৰিকল্পনা কৰি আছে। ইতিমধ্যে নলবাৰীৰ গ্ৰাম্য বিকাশ মঞ্চ আৰু যোৰহাটৰ সেৱাৰ লগতে বুজাবুজিৰ চুক্তি বা এম অ ইউ স্বাক্ষৰিত হৈছে জানিব পৰা গৈছে । সিদিনাৰ অনুষ্ঠানতে “নৱনীকৰণ উৰ্জা ক্ষেত্ৰখনত ক’ভিড -১৯ ৰ প্ৰভাৱ’ বিষয়ক এক আলোচনা চক্ৰত অধ্যক্ষতা কৰি ডঃ প্ৰণৱ জ্যোতি পাতৰে কয় – পৃথিৱীৰ পৰিৱেশ যি ধৰণে সলনি হৈছে, আমি অতি শীঘ্ৰেই গ্ৰীণ উৰ্জাৰ লগতে ল’ কাৰ্বন জীৱনশৈলী আঁকোৱালি লব লাগিব আৰু ইয়াৰ বাহিৰে আন কোনো বিকল্প নাই।

You might also like