Your Voice, Our Strength

শূণ্য বিৰোধী: পুনৰ চলিল হিমন্ত বিশ্ব শৰ্মাৰ মেজিক।

বিৰোধীক ধাৰাশায়ী কৰি ৫টা সমষ্টিতেই বিজেপিৰে বিজয়ৰ ধ্বজ।

আজিৰ খবৰ, গুৱাহাটী, ২নৱেম্বৰ : পুনৰ শূণ্য হৈ পৰিল বিৰোধী । উপনিৰ্বাচনত ৫টা সমষ্টিতেই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিজয় ধ্বজা উৰুৱাই পাঁচখন আসনতে বিৰোধীক ধৰাশায়ী কৰি জয়লাভ কৰে । ভৱানীপুৰ, থাওৰা, মৰিয়নীত বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে তামুলপুৰ, গোসাইগাঁৱত জয়লাভ UPPLৰ ২ প্ৰাৰ্থীৰ। বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নী সমষ্টিৰ পৰা ৪০,১০৪ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। আনহাতে,বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই আৰু ফণীধৰ তালুকদাৰে থাওৰা আৰু ভবানীপুৰ বিধানসভা আসনত ক্ৰমান্বয়ে ৩০,৫৬১ আৰু ২৫,৬৪১ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে।তামুলপুৰ আৰু গোসাইগাঁওত ক্ৰমান্বয়ে বিজেপিৰ মিত্ৰশক্তি ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰী আৰু জিৰণ বসুমতাৰীয়ে ৫০,০০০ আৰু ২৮,২৫২ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। উল্লেখ্য যে ৩০ অক্টোবৰত অনুষ্ঠিত হোৱা ভোটদানত প্ৰায় ৭৪.০৪ শতাংশ ভোটদান হৈছিল আৰু পাঁচখন বিধানসভা আসনত প্ৰায় ৭.৯৭ লাখ ভোটাৰে মুঠ ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰে। বিগত নিৰ্বাচনৰ দৰে এইবাৰ উপনিৰ্বাচনটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেজিক পুনৰ ৰাইজে দেখিবলৈ পালে ।

You might also like