Your Voice, Our Strength

ফলাফলক লৈ মুখ্যমন্ত্ৰী সুখী : থাওৰাত কংগ্ৰেছে ভোট ৰাইজৰ দললৈ ট্ৰেন্সফাৰ কৰিছিল।

১২৬ টা সমষ্টিতেই বিজেপিৰ হ'ব জয় এনে দিন আহি আছে : মুখ্যমন্ত্ৰী।

আজিৰ খবৰ, গুৱাহাটী, ২ নৱেম্বৰ : আজি উপ–নির্বাচনৰ ফলাফলত মুঠ ৫খন আসনত বিজেপিয়ে জয় সাব্যস্ত কৰাৰ পিছতে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে। থাওৰা, মৰিয়নি, গোসাঁইগাঁও, তামুলপুৰ আৰু ভৱানীপুৰৰ ভোটাৰ ৰাইজলৈ শ্ৰদ্ধা জ্ঞাপন কৰি পাঁচ মাহ অতিক্ৰম কৰা চৰকাৰখনক অসমবাসী ৰাইজে আদৰি লোৱাত কৃতজ্ঞতা জনায়। মুখ্যমন্ত্ৰীৰ মতে, এই নিৰ্বাচনী ফলাফলক লৈ বিৰোধীয়ে যি নকওক, কিন্তু ৰাইজে উন্নয়ন আৰু বিকাশৰ কথাত বিশ্বাস কৰিয়েই বিজেপিক জয়ী কৰাইছে। তেওঁ কয়– ”মোৰ লক্ষ্য ১২৬টা সমষ্টি৷ মোৰ জীৱন কালত এনে এটা দিন আহিব যে ১২৬টাতে বিজেপি জিকিব।”

পাঁচটা সমষ্টিৰ পাঁচটাতে মিত্ৰজোঁটে দখল কৰিবলৈ সক্ষম হোৱাত তেওঁ কয় সুশান্ত বৰগোহাঁই, ৰূপজ্যোতি কুৰ্মী, ফণীধৰ তালুকদাৰে পূৰ্বেও জয়ী হৈ আহিছিল৷ কিন্তু এইবাৰ বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈ আহিছে।’ ভৱানীপুৰ সমষ্টিৰ প্ৰসংগত কয় যে ২০০৬ চনত অগপৰ প্ৰাৰ্থী মনোৰঞ্জন দাসে শেষবাৰলৈ জয়ী হৈছিল ভৱানীপুৰত৷ তাৰ পিছত AIUDFয়ে দখল কৰি ৰাখিছিল এই সমষ্টি। শ্বহীদৰ জন্মভূমি AIUDFয়ে দখল কৰাটো জাতিৰ বাবে দুখৰ বিষয় আছিল৷ আনহাতে, থাওৰাত কংগ্ৰেছে ভোট ৰাইজৰ দললৈ ট্ৰেন্সফাৰ কৰা বুলি উল্লেখ কৰি কয় যে কংগ্ৰেছ আৰু ৰাইজৰ দল একলগ হ’লেও সমষ্টিটোত ৩০ হাজাৰ ভোটৰ ব্যৱধান থাকিলহেঁতেন। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি অসমেই নহয় উত্তৰ-পূবতে আদৰ আছে বুলি উল্লেখ কৰে । লগতে সভ্যতা আৰু বিকাশক গুৰুত্ব দিয়াৰ ঘোষণা কৰি তেওঁ গৰুখুঁটিত আত্মনিৰ্ভৰশীল অসম গঢ়ি উঠিব বুলি প্ৰকাশ কৰে। তেওঁৰ মতে অসমত মাতব্বৰে বহু মাটি দখল কৰি ৰাখিছে,  হেলিকপ্টাৰত যাওঁতে বহু মাটি পৰি থকা প্ৰত্যক্ষ কৰা বুলি কৈ চৰত ছাৰ্ভে হ’লে অসমত মাতব্বৰ প্ৰথা নোহোৱা হ’ব বুলি প্ৰকাশ কৰে।

P&C
You might also like