Your Voice, Our Strength

গড়ল গাঁও পঞ্চায়ত এলেকাত ছয়টা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ।

উন্নয়নমূলক কামত চকু ৰাখিবলৈ ৰাইজক আহ্বান।

আজিৰ খবৰ, গুৱাহাটী , ৬ নৱেম্বৰ : ক’ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোত আধৰুৱা হৈ থকা প্ৰকল্প তথা আঁচনি সমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে । ইয়াৰ অংশহিচাপে আজি সমষ্টিটোৰ গ্ৰামাঞ্চলৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ গড়ল গাঁও পঞ্চায়ত এলেকাত পঞ্চদশ বিত্তীয় আয়োগৰ প্ৰথম কিস্তিৰ পুঁজিৰে নিৰ্মাণ কৰিব লগীয়া ছয়টা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয় । আধাৰশিলা স্থাপন কৰা প্ৰকল্প কেইটা হল ক্ৰমে – শ্ৰী শ্ৰীমনসা মন্দিৰৰ প্ৰস্ৰাৱগাৰ – শৌচাগাৰ নিৰ্মাণসহ ২৪ ঘন্টাই খোৱাপানীৰ ব্যৱস্থা ( ৪.৮০ লাখ টকা ) , শ্ৰী শ্ৰীমনসা মন্দিৰৰ সীমাৰ দেৱাল ( ৫.০০ লাখ টকা ) , পেভাৰ ব্লকৰে বাচন মেধি পথ ( ৬.০০ লাখ টকা ) , গড়ল শ্ৰী শ্ৰীদৌল মন্দিৰৰ সামূহিক গৃহৰ মেৰামতি ( ৪.১ লাখ টকা ) , পেভাৰ ব্লকৰে ভক্তবৰী শ্মশান সংযোগী পথ ( ৫.০০ লাখ টকা ) আৰু ভক্তবৰী অংগনবাদী কেন্দ্ৰৰ খোৱাপানীৰ ব্যৱস্থা ( ১.৬০ লাখ টকা ) । এইদৰে প্ৰায় ২৬ লাখ টকাৰে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া উন্নয়নমূলক কার্যৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । আনহাতে এই উপলক্ষে আয়োজিত সভাসমূহত ভাগ লৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চমু ভাষণত প্ৰতিটো নিৰ্মাণকার্য আঁচনি অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত যাতে সম্পন্ন হয় তাৰ কামনা কৰি ৰাইজক নিৰ্মাণ কার্য চলি থকা সময়ত কাম সমূহ ঠিকমতে হৈছে নে নাই তাক চকু দিবলৈ আহ্বান জনায় । সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মা ,ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, সদস্য নিৰেন দাস , গড়ল গাঁও পঞ্চায়তৰ সভানেত্ৰী তৰুলতা বৰুৱা , সহকাৰী অভিযন্তা নব লহকৰ , সচিব ফজনুল হক , বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰশান্ত মহন্ত , গড়ল তালুকৰ সভাপতি মণ্টু বৰুৱা , অগপ নেতাদ্বয় পৰেশ বৰুৱা আৰু অখিল বৈশ্য , গড়ল গাঁও পঞ্চায়তৰ কেবাজনো সদস্য আৰু অঞ্চলটোৰ বহু বিশিষ্ট লোক উপস্থিত থাকে ।

You might also like