Your Voice, Our Strength

এন ডি আৰ এফৰ আন্তঃবেটেলিয়ান দক্ষতা বৃদ্ধি বিষয়ক তিনিদিনীয়া প্ৰতিযোগিতা আৰম্ভ।

আজিৰ খবৰ, গুৱাহাটী , ৮ নৱেম্বৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ উদ্যোগত আজাৰাৰ পৰা কিছু নিলগৰ মিৰ্জাস্থিত জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠান ( ডায়েট ) চৌহদত আজিৰে পৰা পূব আৰু উত্তৰ পূব মণ্ডল ভিত্তিত তিনিদিনীয়াকৈ আৰম্ভ হৈছে হৈছে আন্তঃ এন ডি আৰ এফ বেটেলিয়ান দক্ষতা বৃদ্ধিৰ প্ৰতিযোগিতা । প্ৰতিযোগিতাত পূব আৰু উত্তৰ পূব মণ্ডলত থকা প্ৰথম , দ্বিতীয় , নৱম আৰু দ্বাদশ বেটেলিয়ানৰ প্ৰায় ১০০ জন বিভিন্ন বৰ্গৰ বিষয়া – জোৱানে ভাগ লৈছে । আজি পুৱা প্ৰতিযোগিতাখন উদ্ধোধন কৰে কলকাতাস্থিত দ্বিতীয় এন ডি আৰ এফৰ কমাণ্ডেণ্ট গুৰ্মিন্দৰ সিংয়ে। অনুষ্ঠানত প্ৰথম এন ডি আৰ এফৰ চেকেণ্ড – ইন – কমাণ্ড পংকজ কেভিদয়াল , ডেপুটি কমাণ্ডেণ্টদ্বয় অনিল চৌহান আৰু ডাঃ তেজ বাহাদুৰকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে । আনহাতে প্ৰতিযোগিতাত এন ডি আৰ এফ বাহিনীয়ে ভূমিকম্প , বানপানী , ভূমিস্খলন , ধুমুহাকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ , দুৰ্ঘটনাকে ধৰি যিকোনো মানৱসৃষ্ট দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ , সাহায্য আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কাৰ্যত ব্যৱহৃত সা – সামগ্ৰী সমূহৰ প্ৰদৰ্শন কৰা হৈছে । ইয়াৰ উপৰিও প্ৰথম এন ডি আৰ এফৰ কমাণ্ডেণ্ট এইছ পি এছ কাণ্ডাৰীয়ে প্ৰতিযোগিতাত ভাগ লোৱা সকলো প্ৰতিযোগিক শুভেচ্ছা জ্ঞাপন কৰি সকলোৱে যাতে সৰ্বস্ব উজাৰি উন্নত প্ৰদৰ্শন কৰে তাৰ কামনা কৰিছে । তিনিদিনিয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ১০ নৱেম্বৰত সামৰণি পৰিব ।

P&C
You might also like