Your Voice, Our Strength

দুৰ্ঘটনাত মৃত মানুহক লৈ উকীল – আৰক্ষীৰ কমিচনৰ বজাৰ নচলিব।

গুৱাহাটীৰ ডি টি অ অফিচত দালালৰাজ নোহোৱা সন্দৰ্ভত আমেৰিকাৰ পৰা প্ৰবাসী অসমীয়াই ই মেইলত জনালে ধন্যবাদ।

আজিৰ খবৰ, গুৱাহাটী , ৮ নৱেম্বৰ : আমাৰ ৰাজ্যখনৰ বহু আৰক্ষী থানাত দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বীমাৰ ধন লাভ কৰিবৰ বাবে মৃত লোকৰ পৰিয়ালে দুৰ্ঘটনাৰ প্রতিবেদন আনিবলৈ থানালৈ যাবলগীয়া হয় । থানাৰ কিছু আৰক্ষীয়ে তেনে দুৰ্ভগীয়া লোকৰ প্ৰতি সদয় হোৱাৰ পৰিবৰ্তে কমিচনৰ অংকত উকীল , দালালৰ সৈতে মিলি ৩০ ৰ পৰা ৩৫ শতাংশ পৰ্যন্ত কমিচন ভুক্তভোগীৰ লৈহে উকিলে এম এ চি টি কৰ্টত গোচৰ ৰজু কৰে পাণ্ডুত এটা অনুষ্ঠানত ভাগ লৈ আজি এইদৰে আক্ষেপ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় – দুৰ্ঘটনাত আক্ৰান্ত হৈ মৃত্যু হোৱা কোনো লোকে আৰু আৰক্ষী থানালৈ এতিয়াৰ পৰা আহিব নালাগে । ইয়াৰ বিপৰীতে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বা আন কোনো বিষয়াই ভুক্তভোগী লোকৰ ঘৰলৈ নিজে গৈ দুৰ্ঘটনাৰ মৃত্যুৰ প্ৰতিবেদন দিব লাগিব । উকিলেও কমিচনৰ সলনি ভুক্তভোগী পৰিয়ালৰ পৰা কেৱল ফিজহে লব । দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ প্ৰতি সহানুভূতিশীল হোৱাৰ সলনি তেনে লোকক থানালৈ মাতি আনি ওলোটাই মানসিকভাবে হাৰাশাস্তি কৰা কাৰ্য্ কোনোমতে গ্ৰহণযোগ্য নহয় । এই নতুন নিয়ম অহা পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হব । তেনেদৰে ডি টি অ অফিচ সমূহক দালালৰাজৰ পৰা মুক্ত কৰিবলৈ কেইদিনমান আগতে জনোৱা আহ্বানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় – এই সন্দৰ্ভত তেওঁলৈ আমেৰিকাৰ এজন প্ৰবাসী অসমীয়া তথা গুৱাহাটী নিবাসী এজনী মহিলাই ধন্যবাদ জ্ঞাপন কৰা বিষয়টো দাঙি ধৰে । সেই অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা মহিলাজনীয়ে কিছুদিন পূৰ্বে নিজৰ ড্ৰাইভিং লাইচেন্স ৰেনুৱেল কৰিবলৈ নিজৰ গুৱাহাটীত থকা আত্মীয়ক দায়িত্বত দিছিল । সেইমতে আত্মীয়জনে পূৰ্বৰ দৰে বুলি ভাবি গুৱাহাটীৰ ডি টি অ অফিচলৈ আহি দালালৰ জৰিয়তে ৰেনুৱেলৰ কামটো কৰিবলৈ আহে । কিন্ত অফিচৰ বাহিৰত কোনো দালালক লগ নাপাই তেওঁ উভতি যায় । অৱশ্যে পাছত অনলাইনত ৰেনুৱেল হয় বুলি জানিব পাৰি লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা আত্মীয়ক অৱগত কৰে । তাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰত থকা মহিলা গৰাকীয়ে সিদিনাই অনলাইনত নিৰ্দিষ্ট পৰ্টেলৰ যোগেদি কোনো দালাল বা মধ্যভোগী নোহোৱাকৈ ড্ৰাইভিং লাইচেন্স ৰেনুৱেল কৰিবলৈ সক্ষম হয় । তাৰ পাছত মহিলাজনীয়ে ই মেইল যোগে তেওঁক ধন্যবাদ জ্ঞাপন কৰা বিষয়টো ব্যক্ত কৰে । অৱশ্যে এই নিয়ম যাতে সদায় থাকে আৰু চৰকাৰী বিষয়া – কৰ্মচাৰী সকল যাতে ৰাইজৰ প্ৰতি সেৱাৰ মনোভাৱেৰে কাম কৰে তাৰ বাবে আহ্বান জনায় ।

P&C
You might also like