Your Voice, Our Strength

পশ্চিম গুৱাহাটী যুৱ বিধান পৰিষদৰ সাংগঠনিক সভা।

আজিৰ খবৰ, গুৱাহাটী ,৮ নৱেম্বৰ : মহানগৰীৰ লংকেশ্বৰস্হিত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ত পশ্চিম গুৱাহাটী যুৱ বিধান পৰিষদৰ এখন সাংগঠনিক সভা আজি অনুষ্ঠিত হয় । পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ পিছত অনুষ্ঠিত সভাত পৌৰাহিত্য কৰে যুৱ বিধান পৰিষদৰ সভাপতি বিপুল দাসে আৰু উদ্দেশ্য বাখ্যা কৰে সম্পাদক পংকজ দাসে । সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্ৰ নাৰায়ণ কলিতাই কয় যে যুৱ প্ৰজন্মই আঞ্চলিকতাবাদক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰিবলৈ হলে

যুৱ প্ৰজন্মই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব । এইক্ষেত্ৰত আমি উঠি অহা নতুন প্ৰজন্মক দলীয় কামকাজত নিশ্চয়কৈ অগ্ৰাধিকাৰ দিম । সভাত অগপৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন , কেন্দ্ৰীয় সাধাৰণ সম্পাদক মনোজ শইকীয়া , উপ সভাপতি সুনীল ডেকা , যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই , কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা , প্ৰচাৰ সম্পাদক ড° তপন দাসকে ধৰি কেন্দ্ৰীয় কমিটিৰ কেইগৰাকী বিষয়ববীয়া , অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী , পশ্চিম গুৱাহাটী মহিলা বিধান পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি কাকতি , কাৰ্যকৰী সভানেত্ৰী বৰষা নাথ কলিতাকে ধৰি দলটোৰ পশ্চিম গুৱাহাটী সমষ্টিৰ কেবাগৰাকী নেতা – নেত্ৰী , শতাধিক কর্মী উপস্থিত থাকে ।

P&C

You might also like