Your Voice, Our Strength

ক’ভিড পৰিস্থিতিৰ মাজতেই এইবাৰ অনুষ্ঠিত হ’ব ৰাস আৰু ষট পূজা।

ৰাস আৰু ষট পূজা সন্দৰ্ভত চৰকাৰৰ বিশেষ নিৰ্দেশনা জাৰি।

▶ষট পূজাৰ সময়ত নৈৰ ঘাটত একে সময়তে একেটা পৰিয়ালৰ সৰ্বাধিক পাঁচ জন লোক উপস্থিত থাকিব পাৰিব।

▶প্ৰত্যেকে ক’ভিড বিধি আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব।

P&C

▶ষট পূজাত কেৱল ধৰ্মীয় ৰীতি-নীতি খিনিহে পালন কৰিব লাগিব। কোনো মেলাৰ আয়োজন কৰিব পৰা নাযাব।

▶ষট পূজাস্থলীত কোনো দোকান-পোহাৰ বহিবলৈ দিয়া নহ’ব বা ফেৰী কৰি ফুৰা লোককো অনুমতি দিয়া নহ’ব।

▶ক’ভিডৰ লক্ষণ থকা কোনো লোকে পূজাস্থলীত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।সকলোৰে থাৰ্মেল পৰীক্ষা কৰোৱা হ’ব।

▶সকলোৱে মাস্ক পৰিধান কৰিব লাগিব।পূজাৰ আয়োজক সমিতিৰ কৰ্মকৰ্তা আৰু স্বেচ্ছাসেৱকসকলে কমেও এটা ক’ভিডৰ ভেকচিন লোৱা হ’ব লাগিব।

▶ৰাস মহোৎসৱ উদযাপন কৰিবলৈ উদযাপন সমিতিয়ে জিলা প্ৰশাসনৰ আগতীয়া অনুমতি ল’ব লাগিব।

▶জিলা প্ৰশাসনে সকলো ৰাস উদযাপন সমিতি সমূহৰ সৈতে বৈঠকত মিলিত হৈ ক’ভিড প্ৰট’কল সঠিক ভাবে মানি চলাৰ বিষয়ত আলোচনা কৰিব।

▶১০ বছৰৰ তলৰ শিশু আৰু ৬৫ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকে ৰাসৰ ভাওঁনা আদিত অভিনয় কৰিব নোৱাৰিব।

▶ৰাসৰ অনুষ্ঠানত ভাগ লোৱাৰ পূৰ্বে অভিনেতা-অভিনেত্ৰী, স্বেচ্ছাসেৱক,আয়োজক সকলোৱে ক’ভিড পৰীক্ষা কৰোৱাব লাগিব।

▶ৰাসস্থলীৰ প্ৰৱেশ আৰু প্ৰস্থান পথ বেলেগ বেলেগ হ’ব লাগিব।

▶ৰাসৰ সময়ত কোনো ধৰণৰ মেলা, দোকান-পোহাৰ, খাদ্যৰ বিপনী আদি দিব পৰা নাযাব।

You might also like