Your Voice, Our Strength

শ্ৰীমন্ত শংকৰদেৱ গোটানগৰ সত্ৰৰ প্ৰৱেশ তোৰণ আৰু সীমাৰ দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন সাংসদ কুইন ওজাৰ।

আজিৰ খবৰ, গুৱাহাটী , ১২ নৱেম্বৰ : গুৱাহাটীৰ মালিগাঁওৰ নামবাৰীস্থিত ঐতিহাসিক শ্ৰীমন্ত শংকৰদেৱ গোটানগৰ সত্ৰখনৰ উন্নয়নৰ বাবে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । ইয়াৰ অংশহিচাপে সাংসদ কুইন ওজাই তেওঁৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা ৪৭ লাখ টকা ব্যয়ৰে সত্ৰখনৰ চাৰিসীমাৰ দেৱাল আৰু প্ৰৱেশ পথৰ তোৰণ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ১০ নৱেম্বৰত সত্ৰ চৌহদত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মাংগলিক কাৰ্যৰ মাজেৰে সীমাৰ দেৱাল আৰু প্ৰৱেশ তোৰণৰ আধাৰশিলা স্থাপন কৰে সাংসদ কুইন ওজাই । এই উপলক্ষে সত্ৰ পৰিচালনা কমিটিৰ সভাপতি লীলাধৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত চমু অনুষ্ঠানত সাংসদ কুইন ওজাই ভাষণ প্ৰসংগত নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণকার্য সম্পূৰ্ণ হব বুলি আশা প্ৰকাশ কৰে আৰু এজনকৈ দিনটো সত্ৰখনৰ উন্নয়নৰ বাবে নিজকে সমৰ্পিত কৰিব বুলি ঘোষণা কৰে । অনুষ্ঠানত সত্ৰ পৰিচালনা কমিটিৰ মুখ্য সম্পাদক অশোক কুমাৰ ভৰালী , ৰাস পৰিচালনা কমিটিৰ সভাপতি বলেন ঠাকুৰীয়া , সম্পাদক দ্বিজেন কুমাৰ , নৃপেন কুমাৰ , যুগল ভৰালীকে ধৰি কেবাজনেও ঐতিহাসিক সত্ৰখনৰ উন্নয়নৰ বাবে সাংসদ কুইন ওজাই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় । অনুষ্ঠানত জি এম ডি এৰ উপাধ্যক্ষ মুকুটা ডেকা , জি এম চিৰ প্ৰাক্তন কাউন্সিলাৰ দেৱজিৎ ৰাজবংশী , দিলীপ দত্ত , মৃণাল দাসকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।

You might also like