Your Voice, Our Strength

কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ ৰাষ্ট্ৰীয় Krishi Alert ২০২১ বঁটা।

আজিৰ খবৰ, গুৱাহাটী, ১৫ নৱেম্বৰ : অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ ২০২১ বৰ্ষৰ কৃষক আৰু বজাৰৰ সংযোগী শাখাত ৰাষ্ট্ৰীয় Krishi Alert ২০২১ বঁটা আগবঢ়োৱা হৈছে। যোৱা ইং ১৩ নৱেম্বৰ ২০২১ তাৰিখে ভাৰ্চুৱেলভাৱে এই বঁটা প্ৰদান অনুস্থান অনুস্থিত হয়। ভাৰতীয় কৃষি গৱেষণা সংস্থান, হাইদৰাবাদস্থিত MANAGE, নীতি আয়োগ, চেতনা বিকাশ স্বৰাজ্য ট্ৰাষ্ট আৰু কৃষি সামগ্ৰী ৰপ্তানী উন্নয়ণ আয়োগ (APEDA) ৰ পৰা সদস্য হিচাপে থকা জুৰিসকলে দেশৰ মুঠ ৩০০ কৃষি বিজ্ঞান কেন্দ্ৰৰ মাজৰ পৰা কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ এই সন্মানীয় বঁটাৰ বাবে বিবেচিত হয়। এই বঁটাত নগদ প্ৰশস্তি পত্ৰৰ লগতে নগদ ১১০০০ টকা আগবঢ়োৱা হৈছে।

You might also like