Your Voice, Our Strength

কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ উদ্যোগত পাছদিনীয়া গাহৰি পালনৰ প্ৰশিক্ষণ শিবিৰৰ সামৰণি।

আজিৰ খবৰ, গুৱাহাটী, ১৫ নৱেম্বৰ : বৈজ্ঞানিক পদ্ধতিৰে গাহৰি পালনেৰে কিদৰে আৰ্থিক ভাৱে স্বাৱলম্বী হব পাৰি তাৰ বাবে গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ উদ্যোগত সময়ে সময়ে বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে । এই কাৰ্যসূচীৰ অংশহিচাপে কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কেন্দ্ৰ চৌহদত ৮ ৰ পৰা ১২ নৱেম্বৰলৈ এটি পাচঁদিনীয়াকৈ “বৈজ্ঞানিক পদ্ধতিৰে গাহৰি পালন”ৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় | কৃষি বিজ্ঞান কেন্দ্ৰৰ মূৰব্বী ড° ধীৰেন্দ্ৰ নাথ কলিতাৰ তত্ত্বাৱধানত আৰু কেন্দ্ৰৰে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ ড° ইলাক্ষী ডেকাই তদাৰক কৰা প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ড° ৰাজজ্যোতি ডেকা, ড° জাকিৰ হুছেইন, ড° দীপা লহকৰ ,ড° পংকজ ডেকা , বাক্সা কৃষি বিজ্ঞান কেন্দ্ৰৰ ড° দেৱজিৎ ডেকা আৰু ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ড° চন্দন শৰণীয়া । ড° ইলাক্ষী ডেকাই বিভিন্ন কাৰিকৰী দিশত কিছু ব্যৱহাৰিক শ্ৰেণী আয়োজন কৰে | প্ৰশিক্ষাৰ্থী সকলক এদিন সফল উদ্যোগী দেৱজিৎ চৌধুৰীৰ গাহৰি পামৰ লগতে তেওঁৰ সমন্নিত কৃষি পাম ” NATURE PRODUCT” লৈ এটি শিক্ষামূলক ক্ষেত্ৰ পৰিভ্ৰমণ ভ্ৰমণৰো আয়োজন কৰা হয় | আনহাতে ১৩ নৱেম্বৰত অনুষ্ঠিত প্ৰশিক্ষণৰ সামৰণি অনুস্থানত কামৰূপ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ড° অৰুণ শৰ্মা আৰু ড° ধীৰেন্দ্ৰ নাথ কলিতাৰ উপস্থিতিত মানপত্ৰ বিতৰণ কৰা হয় | ড° ইলাক্ষী ডেকাই প্ৰশিক্ষাৰ্থী সকলৰ সফল ভৱিষ্যত কামনা কৰে । শিবিৰত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ ২১ জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে |

You might also like