Your Voice, Our Strength

গণেশগুৰিত পৰিবহণ বিভাগৰ সজাগতা অভিযান : গুৱাহাটীত এতিয়াৰে পৰা দুচকীয়া বাহনৰ চালক – আৰোহী উভয়ে পিন্ধিব লাগিব হেলমেট।

চাৰিচকীয়া বাহনৰ চালক - যাত্ৰী সকলোৱে ব্যৱহাৰ কৰিব লাগিব ছিটবেল্ট।

আজিৰ খবৰ, গুৱাহাটী , ১৫ নৱেম্বৰ : দুৰ্ঘটনা প্ৰতিৰোধ কৰা বা দুৰ্ঘটনা সংঘটিত হলেও যাতে আঁহত – নিহতৰ সংখ্যা ন্যূনতম হয় , সকলো চালক – আৰোহী- যাত্ৰী উভয়ে পথ সুৰক্ষাৰ বিধি সমূহ যাতে মানি চলিহে ৰাজপথত বাহন চলায় তাৰ বাবে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ ( প্ৰৱৰ্তক ) বিষয়াৰ কার্যালয়ে আহ্বান জনাইছে । বিশেষকৈ দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু কেন্দ্ৰীয় মটৰ পৰিবহণ আইন অনুসৰি গুৱাহাটীত এতিয়াৰে পৰা দুচকীয়া বাহন চলোৱা চালক আৰু পাছত বহি যোৱা আৰোহীজন উভয়ে হেলমেট পিন্ধাটো বাধ্যতামূলক কৰা হৈছে । সমান্তৰালভাৱে চাৰিচকীয়া ব্যক্তিগত বা ভাড়া মৰা বাহনৰ চালক আৰু যাত্ৰী সকলোৱে ছিটবেল্ট ব্যৱহাৰ কৰাটোও বাধ্যতামূলক কৰা হৈছে । আনকি এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা ( প্ৰৱৰ্তক ) পৰিবহণ বিষয়াৰ কার্যালয়ে গুৱাহাটীৰ জি এছ ৰোডৰ গণেশগুৰিত আজি সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে এক অভিযান চলায় । জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত কাৰ্য্যালয়ৰ প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে চলোৱা অভিযানত দুচকীয়া বাহনৰ চালক সকলৰ দৰে পাছত বহি যোৱা আৰোহী জনেও যাতে হেলমেট পিন্ধিহে যাত্ৰা কৰে তাৰ বাবে আহ্বান জনায় । তেনেদৰে চাৰিচকীয়া বাহনৰ চালক – যাত্ৰী উভয়কে ছিটবেল্ট ব্যৱহাৰ কৰাৰ বাবেও আহ্বান জনোৱা হয় । এই নিয়ম উলংঘা কৰিলে যিজনৰ নামত বাহনখন পঞ্জীয়ন হৈ আছে তেওঁৰ পৰা নূন্যতম এক হাজাৰ টকাৰ জৰিমনা বিহা হব বুলিও অভিযানকাৰী দলটোৱে সকলোকে অৱগত কৰে । আজি প্ৰথম দিনটোত দুচকীয়া বাহনৰ পাছত হেলমেট নিপিন্ধাকৈ বহি যোৱা জনৰ পৰা জৰিমনা সংগ্ৰহ কৰা নহলেও চাৰিচকীয়া বাহনত ছিটবেল্ট ব্যৱহাৰ নকৰা মুঠ ৪০ টা ঘটনা ধৰা পেলোৱা হয় । উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিয়েও দুচকীয়া বাহনত পাছত বহি যোৱা জনেও হেলমেট পিন্ধাটো আৰু চাৰিচকীয়া বাহনৰ সকলোৱে ছিটবেল্ট ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছে । এই নিয়ম সম্পূৰ্ণভাবে পহিলা ডিচেম্বৰৰ কাৰ্যকৰী হব বুলি পৰিবহণ বিভাগৰ সূত্ৰত প্ৰকাশ ।

You might also like