Your Voice, Our Strength

আজাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাজহ মন্ত্ৰী যোগেন মোহনৰ চাদেন ভিজিত।

আজিৰ খবৰ, গুৱাহাটী, ১৭ নবেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ ক্ৰমে ৰাজহ মন্ত্ৰী যোগেন মোহনে আজি সন্ধিয়া আজাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত হঠাৎ চাদেন ভিজিত কৰি বিভিন্ন ভুমি সম্পৰ্কীয় কাম সন্দৰ্ভত বুজ লয়। আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়াংশু ভৰদ্বাজ আৰু পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি পাঠক , ক্ষেত্ৰ পৰিদৰ্শক অজয় মজুমদাৰক সন্মুখত বহুৱাই ‘মিছন বসুন্ধৰা” আঁচনিৰ কাম কিমান দুৰ আগবাঢ়িছে আৰু অন্যান্য ভুমি সম্পৰ্কীয় বিষয় সন্দৰ্ভত মন্ত্ৰীগৰাকী বুজ লয়। লগতে আজাৰা ৰাজহ চক্ৰ লাট মণ্ডল, কানগো আদিকে ধৰি সকলো বিষয়ববীয়াক সন্মুখলৈ মাতি আনি “মিচন বসুন্ধৰা”ৰ আঁচনি কামত কিবা অভাব-অভিযোগ আছে নেকি তাৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে জনসাধাৰণে চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আহিলে ভালকৈ বুজাই কামখিনি আগবঢ়াই নিবলৈ আহ্বান জনাই। উক্ত বসুন্ধৰা আ‍ঁচনি তথা বিভিন্ন বিষয়ত লাট মণ্ডল সমূহে গাঁৱৰ গাঁওবুঢ়া সকলৰ লগত সঘনাই যোগাযোগ ৰাখি জনসাধাৰণৰ ভুমি সম্পৰ্কীয় বিষয় সমূহৰ সন্দৰ্ভত বুজ লবলৈ পৰামৰ্শ আগবঢ়াই। বৰ্তমানলৈ ৰাজ্যত বসুন্ধৰা আঁচনি ১ লাখ ৬৭ হাজাৰ  লোকে আবেদন কৰিছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত উক্ত আ‍ঁচনিৰ কাম সম্পূৰ্ণ নহয় যদি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি সময়সীয়া বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। শেহতীয়াভাৱে মূখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যত প্ৰায় ৭০০ মাটিৰ দাললক আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল। কিন্তু এতিয়া  ৰৌ-বৰালী সমূহক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি সাংবাদিকে সোধাত মন্ত্ৰী গৰাকীয়ে উপযুক্ত প্ৰমাণ থাকিলে নিশ্চয় তেওঁলোককো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰাৰ লগতে কেইবাটাও চক্ৰ বিষয়াৰ কাৰ্যলয়ত মুখ্যমন্ত্ৰীৰ অনুসন্ধান শাখাই তদন্ত কৰি  থকাৰ বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। লগতে যিমান প্ৰভাৱশালি ব্যক্তি নহওঁক আমি কাকো ৰেহাই নিদিও।দালালৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত থাকিব। লগতে বিভিন্ন চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাজহ মন্ত্ৰীগৰাকীয়ে এনেকৈ পৰ্যায়ক্ৰমে পৰিদৰ্শন তথা আঁচনি সন্দৰ্ভত বুজ লব বুলিও মন্তব্য কৰে।

P&C
You might also like