Your Voice, Our Strength

বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বি এছ এফৰ অভিযান : ৭,৮২০ টা গৰু জব্দ।

১২৪ জন ভাৰতীয় আৰু ১১০ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ।

আজিৰ খবৰ, গুৱাহাটী, ১ ডিচেম্বৰ : ভাৰত – বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে অসম আৰু পশ্চিমবঙ্গৰ মুঠ ৫০৯ কিঃমিঃ বাংলাদেশৰ সীমান্তৰ পহৰা কাৰ্যত নিয়োজিত হৈ আছে । চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈ যোৱা ১১ টা মাহত বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ৩ টা চেক্টৰ কার্যালয়ে সীমান্তত বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত ৭,৮২০ টা গৰু চোৰাং সৰবৰাহকাৰীৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে । একে সময়তে ২৫,৬০০ টা বটল ফেন্সিডাইল , ২,৯৩৬ কেজি ভাং , ৪৮,৩৯৮ টা য়াবা টেবলেট , ৩,৯৮,০০০ টকাৰ নকল ভাৰতীয় টকা জব্দ কৰিবলৈ সক্ষম হৈছে । আনহাতে অভিযানত বি এছ এফে সীমান্তত ১২৪ জন ভাৰতীয় আৰু ১১০ জন বাংলাদেশী চোৰাং কাৰবাৰী – সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । এই মন্তব্য বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহাপৰিদর্শক সঞ্জয় সিং গেহলটৰ । যোৱাকালি সন্ধিয়া গুৱাহাটী ফ্ৰণ্টিয়াৰৰ আজাৰা পাটগাঁওস্থিত মুখ্য কাৰ্যালয়ৰ সভাগৃহত বি এছ এফৰ ৫৭ ,সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সংবাদ মেলত এই মন্তব্য কৰে মহাপৰিদর্শক সঞ্জয় সিং গেহলটে । সংবাদ মেলত গেহলটে কয় বৰ্তমান গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অধীনত থকা অসম আৰু পশ্চিমবঙ্গৰ বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৫০৯ কিঃমিঃ অংশত ৩ টা চেক্টৰৰ অধীনত ১১ টা বেটেলিয়ান নিয়োজিত হৈ আছে । বৰ্তমান ১৪২ টা বৰ্ডাৰ আউট পোষ্টৰ জৰিয়তে বি এছ এফে পহৰা দি আহিছে আৰু ইয়াৰে ধুবুৰী চেক্টৰত প্ৰায় ৯১ কিঃমিঃ নদী সীমান্তত কাৰিকৰী কাৰণতে কাটাতাৰৰ বেৰ বা ফেনসিং দিব নোৱাৰাৰ বাবে তাত অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে । ১১ টা মাহত যিখিনী চোৰাং সামগ্ৰী বি এছ এফে সীমান্তত উদ্ধাৰ কৰিছে তাৰ মূল্য ১০.৬৭ কৌটি টকাতকৈ অধিক । একে সময়তে সীমান্তত থকা ভাৰতীয় নাগৰিকৰ কল্যাণৰ বাবে বি এছ এফে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ , চাফাই অভিযান , গছপুলি ৰোপণ , কৃষক ৰাইজৰ মাজত কৃষি কাৰ্যত ব্যৱহৃত সামগ্ৰী বিতৰণ , সাধাৰণ ৰাইজৰ মাজত ক’ভিড সজাগতা সৃষ্টিৰ বাবে মাস্ক , চেনিটাইজাৰ বিতৰণ , বিদ্যালয়ৰ লগতে যুৱ সমাজৰ মাজত ক্ৰীড়া সামগ্ৰী বিতৰণ কৰি আহিছে । তেনেদৰে সীমান্তৰ সীপাৰৰ পৰা যাতে ভাৰতলৈ কোনো চোৰাং সামগ্ৰী বা অনুপ্ৰৱেশকাৰী আহিব নোৱাৰে তাৰ বাবে বাংলাদেশৰ ফালত সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ ( বি জি বি ) সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি অহা হৈছে । আনহাতে ১৯৬৫ চনৰ পহিলা ডিচেম্বৰত ২৫,০০০ জন বিষয়া – জোঁৱানক লৈ ২৫ টা বেটেলিয়ানৰে গঠন কৰা বি এছ এফৰ বৰ্তমান বেটেলিয়ানৰ সংখ্যা হল ১৯৩ টা আৰু মানৱ সম্পদৰ সংখ্যা হল ২,৬৫,১৭৩ জন । বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰা কার্যত কোনোদিনে আপোচ নকৰে আৰু প্ৰত্যাহ্বান যিমানেই কঠিন নহওঁক কিয় তাক সদায় সাহসৰে মোকাবিলা কৰি আহিছে বুলি মহাপৰিদর্শক সঞ্জয় সিং গেহলটে সদৰি কৰে । সংবাদ মেলত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ উপ মহাপৰিদর্শক আৰু প্ৰিন্সিপাল ষ্টাফ অফিচাৰ উমেশ নায়াল , জে কে ৰুডোলা উপস্থিত থাকে । আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নিশা অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত কেবাজনো বিষয়া – জোৱানে সংগীত , নৃত্য আৰু দেশপ্ৰেমমূলক অনুষ্ঠান পৰিবেশন কৰে ।

You might also like