Your Voice, Our Strength

চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ উদ্যোগত বৃহত্তৰ ৰাণী অঞ্চলত পষেকযোৰা চাফাই অভিযান।

আজিৰ খবৰ, গুৱাহাটী, ৪ ডিচেম্বৰ : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ান মুখ্য কাৰ্যালয়ৰ উদ্যোগত বৃহত্তৰ ৰাণী অঞ্চলত পহিলা ডিচেম্বৰৰ পৰা চলি আছে পষেকযোৰা চাফাই অভিযান । মূলত দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে পালন কৰি অহা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি “স্বচ্ছ ভাৰত মিছন” কাৰ্যসূচীৰ অধীনত চলি থকা চাফাই অভিযানৰ অহা ১৫ ডিচেম্বৰত সামৰণি পৰিব । আনহাতে ১৭৫ বি এন চি আৰ পি এফৰ চেকেণ্ড – ইন – কমাণ্ড তথা দ্বিতীয় অধিকাৰী কে এল ধীমানৰ নেতৃত্বত বাহিনীটোৰ বিষয়া – জোৱান সকলে মুখ্য কাৰ্যালয় চৌহদত থকা উদ্যোগিক ক্ষেত্ৰ , ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰ , ৰাণী বজাৰ , ৰাণী হাইস্কুলকে ধৰি সকলো বিদ্যালয় , সকলো চৰকাৰী কাৰ্যালয় , ৰাজহুৱা আৰু জনসমাগম হোৱা স্থান , আদিত স্থানীয় গাঁও প্ৰধান আৰু চৰকাৰী কাৰ্যালয়ৰ মুৰব্বী বিষয়া সকলৰ সহযোগত হাতে হাতে ঝাড়ু , কোৰ – কোডাল লৈ চাফাই অভিযান চলাই আহিছে । অভিযানত ডেপুটী কমাণ্ডেণ্টদ্বয় আব্দুল ৰহিম আৰু ৰবি শ্ৰীবাস্তব , জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰ চুৱেদাৰ মেজৰ অনিল কুমাৰকে ধৰি এটা বিষয়া – জোৱানৰ দলে দৈনিক চাফাই অভিযানত ভাগ লৈ আছে । আনহাতে চেকেণ্ড – ইন – কমাণ্ড কে এল ধীমানে জানিবলৈ দিয়া মতে স্বচ্ছ ভাৰত মিছনৰ মূল লক্ষ্যই হৈছে ৰাইজৰ মাজত চাফ – চিকুণতাৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰা । কিয়নো চাফ – চিকুণ বা পৰিস্কাৰ – পৰিচ্ছন্ন হৈ থাকিলে বহু সৰু সুৰা বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি । আনকি অভিযানত অঞ্চলটোৰ ৰাইজে ইতিবাচক সঁহাৰি দিয়া বুলিও কে এল ধীমানে সদৰি কৰিছে ।

You might also like