Your Voice, Our Strength

কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ উদ্যোগত এৰী সজাগতা সভা।

আজিৰ খবৰ, গুৱাহাটী , ৯ ডিচেম্বৰ : কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ উদ্যোগত , সৃষ্টিকামী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সহযোগত ৮ ডিচেম্বৰত কামৰূপ জিলাৰ তিতকুছি গাওঁ পঞ্চায়ত প্ৰাংগণত এখন এৰী সজাগতা সভা অনুষ্ঠিত হয় । সভাত কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ বিষয়া ডঃ বি এন চৰকাৰ , বিজ্ঞানী ডঃ এন ললিথা , , ৰমেন ভূঞা , অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সামুহিক বিজ্ঞান বিভাগৰ মধুস্মিতা ডেকা উপস্থিত থাকে । সভাত বৃহত্তৰ বাইহাটা চাৰিআলিকে ধৰি অঞ্চলৰ প্ৰায় ৪০ জন এৰী পালক আৰু ২০ গৰাকী শিপিনীয়ে অংশগ্ৰহণ কৰে । সভাত কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ বিজ্ঞানী ডঃ এন ললিথাই এৰী পালক সকলক এৰী পলুৰ অধিক উৎপাদন সম্পৰ্কে আলোচনা আগবঢ়ায় আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰে । উল্লেখযোগ্য যে যোৱা কেইবাবছৰ ধৰি এই অঞ্চলৰ ৰাইজে এৰী পলু পুহি স্বাৱলম্বী হৈ আহিছে যদিও উপযুক্ত সা-সুবিধাৰ অভাৱত অধিক উৎপাদন কৰাত ব্যৰ্থ হৈছে । সভাত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প চমুকৈ এপাৰ্টৰ পৰা প্ৰাঞ্জল মালাকাৰ আৰু তনময়ী শৰ্মাই অংশগ্ৰহণ কৰে । সভাত তিতকুছি গাওঁ পঞ্চায়তৰ সভানেত্ৰী আৰু সচিব উপস্থিত থাকে।

You might also like