Your Voice, Our Strength

হেলমেট বিহীন দুচকীয়া বাহনৰ চালক – আৰোহীৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত পৰিবহণ বিভাগৰ অভিযান।

এটা সপ্তাহত ৯৭৩টা গোচৰ ৰজু , অৰ্দ্ধ লক্ষাধিক টকাৰ জৰিমনা সংগ্ৰহ।

আজিৰ খবৰ, গুৱাহাটী , ৯ ডিচেম্বৰ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ সমান্তৰালভাৱে দুৰ্ঘটনা সংঘটিত হলেও যাতে দুচকীয়া বাহনৰ চালক আৰু পাছত বহি যোৱা আৰোহীজনৰ অন্তত জীৱন ৰক্ষা পৰে তাৰ বাবে উভয়ৰে হেলমেট পৰিধান কৰাটো নিশ্চিত কৰিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰতিজন জিলা পৰিবহণ বিষয়াক নিজ নিজ জিলাত দুচকীয়া বাহনৰ চালক আৰু উভয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । আনহাতে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই যোৱা নৱেম্বৰ মাহত গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা ( প্ৰৱৰ্তক ) পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক , প্ৰৱৰ্তক চেকাৰ সকলে এই সন্দৰ্ভত গুৱাহাটী মহানগৰীত ব্যাপক সজাগতা অভিযান চলাইছিল । ইফালে সজাগতা অভিযানৰ পাছতেই জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত পহিলা ডিচেম্বৰ পৰা সাত ডিচেম্বৰলৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন ৰাজপথত চলোৱা অভিযানত এটা সপ্তাহত দুচকীয়া বাহনৰ চালক – আৰোহী উভয়ে হেলমেট পৰিধান নকৰা এহাজাৰৰো অধিক ঘটনা ধৰা পেলোৱা হয় । এই সন্দৰ্ভত প্ৰায় ৫০ হাজাৰৰো অধিক টকা থিতাতে জৰিমনা সংগ্ৰহ কৰা হয় । তেনেদৰে অসম মটৰ পৰিবহণ আইনৰ অধীনত ৯৭৩ টা গোচৰ ৰজু কৰা হয় । জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবলৈ দিয়া মতে জৰিমনা সংগ্ৰহ কৰাটোৱেই বিভাগৰ মূল লক্ষ্য নহয় । কিন্তু জীৱন ৰক্ষাৰ স্বাৰ্থত দুচকীয়া বাহনৰ চালক – আৰোহী উভয়ে হেলমেট পৰিধান কৰা আৰু চাৰিচকীয়া বাহনৰ চালক – যাত্ৰীয়ে চিটবেল্ট ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে । কিয়নো দুৰ্ঘটনাৰ পাছত নিহত – আঁহতৰ পৰিয়ালত কেনে ধৰণৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় তাক কেৱল সেই পৰিয়াল বা ভুক্তভোগীয়ে অনুভৱ কৰে বুলি জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে সদৰি কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে ৰাজ্যত সকলো দুচকীয়া বাহনৰ চালক – আৰোহীয়ে হেলমেট আৰু চাৰিচকীয়া বাহনৰ চালক – যাত্ৰী উভয়ে ছিটবেল্ট ব্যৱহাৰ কৰাটো নিশ্চিত কৰিবলৈ ৰাইজকো আহ্বান জনাইছে ।

You might also like