
অসম গণ পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত আৰু দিছপুৰ বিধান পৰিষদৰ উদ্যোগত “কেন্দ্ৰীয় শ্বহীদ দিৱস”।
আজিৰ খবৰ, গুৱাহাটী, ১০ ডিচেম্বৰ : আজি অসম গণ পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত আৰু দিছপুৰ বিধান পৰিষদৰ উদ্যোগত আয়োজিত “কেন্দ্ৰীয় শ্বহীদ দিৱস”ৰ অনুষ্ঠানত অংশ লয় অগপ সভাপতি অতুল বৰাই । স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থত প্ৰাণাহুতি দিয়া ঐতিহাসিক অসম আন্দোলনৰ বীৰ শ্বহীদসকললৈ অনুষ্ঠানত পুষ্পাৰ্ঘ্যৰে শ্ৰদ্ধা জনায় অসম গণ পৰিষদ দলে । জাতিৰ অস্তিত্ব ৰক্ষাৰ মহাসংগ্ৰামত তেখেতসকলৰ আত্মবলিদান যুগে যুগে অমৰ হৈ ৰ’ব।

আজিৰ অনুষ্ঠানতেই মহান শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জ্যেষ্ঠ ভাতৃ প্ৰিয়ৱৎ তালুকদাৰ আৰু শ্বহীদ নৰেন শৰ্মাৰ কন্যা জিন্তিমণি দেৱী শৰ্মাক সম্বৰ্ধনা জনায় অগপ সভাপতি অতুল বৰাই ।
অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত , জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীকে ধৰি দলৰ উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, দলৰ কেন্দ্ৰীয় সমিতি তথা ভাতৃ-ভগ্নী সংগঠনসমূহৰ বিষয়ববীয়াসকল, কৰ্মকৰ্তাসকল আৰু জাতীয় শ্বহীদ পৰিয়ালৰ সদস্যসকল অনুষ্ঠানটোত উপস্থিত থাকে।