Your Voice, Our Strength

বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ সুবিধাৰ্থে বিপণি মুকলি ।

আজিৰ খবৰ, গুৱাহাটী, ১০ ডিচেম্বৰ : বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যাত্ৰীসকলৰ লগতে বিমান বন্দৰত কৰ্মৰত কৰ্মচাৰীসকলৰ সুবিধাৰ্থে তিনিখনকৈ খাদ্য বিপণি আজি মুকলি কৰা হয়। বিপণিকেইখন শুভ উদ্বোধন কৰে বিমানকোঠৰ মুখ্য বিষয়া উৎপল বৰুৱাই। বিভিন্নধৰণৰ দেশীয় খাদ্য-সামগ্ৰীৰ লগতে বিবিধ চকলেট উপলব্ধ হোৱা বিপণিকেইখন উদ্বোধন কৰি বৰুৱাই ভাষণ প্ৰসংগত কয় যে বিপণিকেইখনে সুদীৰ্ঘদিনধৰি বিমানকোঠত আৱশ্যক হোৱা এক বহুদিনীয়া অভাৱ পূৰণ কৰিব। উল্লেখযোগ্য যে বিপণি কেইখন হ’ল ক্ৰমে ৱিম্বলে, ম’ম ব্লুজ আৰু ৫০ ডিগ্ৰি চোৱাৰ্মা বিপণি কেইখনত বিভিন্ন ধৰণৰ দেশীয় আৰু বিদেশী চকলেটৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্য সম্ভাৰ উপলব্ধ হ’ব।

You might also like