Your Voice, Our Strength

এন আৰ এলৰ ষষ্ঠ বাৰ্ষিক গ্ৰাহক সন্মিলন সম্পন্ন।

আজিৰ খবৰ, গুৱাহাটী, ১৩ ডিচেম্বৰ : এন আৰ এলৰ ষষ্ঠ বাৰ্ষিক গ্ৰাহক সন্মিলন খন অলপতে গুৱাহাটীত অনুষ্ঠিত হৈ যায়।এই সন্মিলনত দেশৰ বিভিন্ন ৰাজ্যৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰাও এন আৰ এলৰ গ্ৰাহকে অংশ গ্ৰহণ কৰে।

P&C

এই উপলক্ষে এন আৰ এলৰ চি জি এম ( বিপনন) সুব্ৰত দাসে আৰম্ভণিৰ ভাষণ প্ৰদান কৰে আৰু বিগত বছৰৰ এন আৰ এলৰ বিপণৰ প্ৰদৰ্শন সম্বন্ধে অৱগত কৰায়। আনহাতে এন আৰ এলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই অনুষ্ঠানত ভাষণ প্ৰদান কৰি এন আৰ এলৰ যাত্ৰাৰ প্ৰতি পদক্ষেপতে কোম্পানীটোৰ ব্যৱসায় অংশীদাৰ হোৱাৰ বাবে গ্ৰাহক সকলক ধন্যবাদ জনায় আৰু অনাগত পৰিকল্পনা আৰু সম্প্ৰসাৰণ অভিযানৰ বিষয়ে অৱগত কৰায়।অনুষ্ঠানত এন আৰ এলৰ সঞ্চালক বি জে ফুকনে গ্ৰাহক সকলক সম্বোধন কৰি ৰিফাইনেৰীৰ সম্প্ৰসাৰণৰ পিছত উন্নত উৎপাদন শ্লেত আৰু এন আৰ এলৰ গ্ৰাহক সকলৰ বাবে সুগম হ’ব লগীয়া পথৰ সম্বন্ধে অৱগত কৰায়।এই বৈঠকতে এপ্ৰিল ২০১৯ ত শুভাৰম্ভ কৰা এন আৰ এল ক’ৰ্পোৰেট ফিল্ম আৰু প্ৰিষ্টিন এন আৰ এলৰ ব্ৰেণ্ড ফুড গ্ৰেড পেৰফিন বেক্সৰ ওপৰত এ ভি প্ৰদৰ্শন কৰা হয়।ইয়াৰ পিছত এক মুক্ত সদন অনুষ্ঠিত কৰা হয় আৰু গ্ৰাহক সকলৰ অভিজ্ঞতা বিনিময় কৰাৰ ব্যৱস্থা কৰা হয়।

এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ zoho দ্বাৰা ডিজাইন কৰা যোগান ধৰা customer Relationship management চি আৰ এম পেৰ্টেলৰ শুভাৰম্ভ।এই পৰ্টেলটোৱে এন আৰ এলৰ সেৱা সমূহ আৰু উন্নত কৰাৰ লগতে কোম্পানীৰ টোৰ গ্ৰাহক সকলৰ লগত সুগম সম্বন্ধ কৰাত সহায় কৰিব। zoho চি আৰ এমৰ মুখ্য বিশেষত্ব হ’ল এছ এ পি আৰ হোটছ এপৰ লগত একত্ৰিত কৰা ক্ষমতা, স্বয়ং চালিত ডাটা প্ৰবাহ,৩৬০ ডিগ্ৰী গ্ৰাহক দৃশ্য,ঠিকা প্ৰবন্ধক আৰু গ্ৰাহক বাবে স্বয়ংক্ৰিয় ক্লাউড আধাৰিত তথা যোগান ইত্যাদি।ইয়াৰ দ্বাৰা ব্যয় আৰু সময়ৰ অপচয় বাহি হ’ব।

 

এন আৰ এলে কোম্পানীটোৰ তিনিটা গ্ৰাহক – অ’এন জি চি লিমিটেড হাই স্পীড ডিজেল নতুন দিল্লীৰ নীতিন কুমাৰ গোৱেলক পেৰাফিন বাক্স আৰু মেচাৰ্ছ এছ কে এণ্টাৰপ্ৰাইজক মিনৰেল টাপিনটাইন অইলৰ সৰ্বোচ্চ ক্ৰয়ৰ বাবে পুৰস্কৃত কৰে।

You might also like