Your Voice, Our Strength

৫৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰছ-কান্ট্ৰী চেম্পিয়নশ্বিপ।

ক্ষেত্ৰীৰ মালয়বাৰীত বাছনি শিবিৰ।

আজিৰ খবৰ, গুৱাহাটী, ১৬ ডিচেম্বৰ : অসম এথলেটিকচ্ এছচিয়েশ্বনৰ উদ্যোগত আৰু মালয়বাৰী গাওঁ পঞ্চায়তৰ সহযোগত ক্ষেত্ৰীৰ মালয়বাৰীত অনুষ্ঠিত হ’ব ৫৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰছ-কান্ট্ৰী চেম্পিয়নশ্বিপৰ অসম দলৰ বাছনি শিবিৰ। চলিত মাহৰ ১৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বাছনি শিবিৰৰ বাবে ১৭ ডিচেম্বৰৰ পূৰ্বে অনলাইনযোগে খেলুৱৈ সকলৰ যোগদান নিশ্চিত কৰিবলৈ আহ্বান জনাই উদ্যোক্তাই। লৰা-ছোৱালী উভয়ৰে ১৬ বছৰ অনুৰ্ধ্ব,১৮ বছৰ অনুৰ্ধ্ব,২০ বছৰ অনুৰ্ধ্বৰ লগতে পুৰুষ-মহিলা শাখাৰ খেলুৱৈসকলৰ মাজত এই বাছনি শিবিৰ অনুষ্ঠিত হ’ব।ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত জিলা ক্ৰীড়া সন্থাক প্ৰতিনিধিত্বৰে খেলুৱৈসকলে এই বাছনি শিবিৰত অংশগ্ৰহন কৰিব পাৰিব।বাছনি প্ৰক্ৰিয়াৰ দৌৰৰ দূৰত্ব অনুৰ্ধ্ব ১৬ লৰা-ছোৱালীৰ ২ কিঃমি, অনুৰ্ধ্ব ১৮ লৰাৰ ৬ কিঃমি,ছোৱালীৰ ৪ কিঃমি, অনুৰ্ধ্ব ২০ লৰাৰ ৮ কিঃমি,ছোৱালীৰ ৬ কিঃমি , আনহাতে পুৰুষ-মহিলাৰ ১০ কি‌ঃমি। ইতিমধ্যে এই বাছনি শিবিৰৰ বাবে উদ্যোক্তা সকলে প্ৰস্তুতি তুংগত তুলিছে লগতে ৯৯৫৪৩৪৩৪২১(পবিত্ৰ কুমাৰ দাস) , ৮৬৩৮২৭৯৩৮৮( কনক দাস) ৰ সৈতে যোগাযোগেৰে সবিশেষ তথ্য লবলৈ অনুৰোধ জনাইছে উদ্যোক্তাই। ইপিনে বাছনি শিবিৰলৈ যোগ্যতৰ ভিত্তিত খেলুৱৈ প্ৰেৰণ কৰিবলৈ জিলা ক্ৰীড়া সন্থা সমূহক আহ্বান জনাইছে অসম এথলেটিকচ্ এছচিয়েশ্বনৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভৰালীয়ে।

You might also like