Your Voice, Our Strength

গীতে – মাতে দীপৰ বিলৰ পাৰৰ দেউছটালৰ দীপৰ বিল ই’কো কেম্পত ন খোৱা উৎসৱ উদযাপন।

আজিৰ খবৰ, গুৱাহাটী, ১৬ ডিচেম্বৰ : অসম আৰু অসমীয়াৰ কৃষিজীৱী জনজীৱনৰ লগত অতীজৰে পৰা পৰম্পৰাগতভাবে উদযাপন কৰি অহা আঘোঁণ মাহৰ ন খোৱা উৎসৱ উপলক্ষে ১৫ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা নিশালৈ উদুলি-মুদূলি পৰিবেশৰ সৃষ্টি হয় গুৱাহাটীৰ দীপৰ বিলৰ পাৰৰ দেউছটালৰ দীপৰ বিল ইক’ কেম্পৰ । অঞ্চলটোৰ সামাজিক , সাংস্কৃতিক আৰু অগ্ৰণী ক্ৰীড়া অনুষ্ঠান দেউছতাল নৱজ্যোতি সংঘৰ সভাপতি , বিশিষ্ট সমাজকর্মী বলেশ্বৰ ৰংপীৰ উদ্যোগত অনুষ্ঠিত ন – খোৱা উৎসৱত গুৱাহাটীৰ , গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া , আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী , সদস্যদ্বয় হীৰেণ ইংতি আৰু দীনেশ বড়ো , কাৰ্বি বাংঠে অসমৰ পশ্চিম গুৱাহাটীৰ কাৰ্যকৰী সভাপতি কেষ্টৰাম ৰংপী , বি জে পি ৰ গুৱাহাটী জিলা সমিতিৰ সাধাৰণ সম্পাদকদ্বয় তপন দাস কলিতা আৰু অমৰজ্যোতি ডেকা , দেউছতাল নৱজ্যোতি সংঘৰ সাধাৰণ সম্পাদক বিজয় বড়োকে ধৰি বহু বিশিষ্ট লোকে ভাগ লয় । আনহাতে এই উপলক্ষে বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত মৃগেন শৰণীয়াই ভাষণ প্রসংগত পুৰণি দিনৰ ন খোৱা উৎসৱৰ স্মৃতি ৰোমন্থন কৰি উৎসৱে অসমৰ কৃষক ৰাইজৰ মাজত একতাৰ এনাজৰীডাল অধিক বৃদ্ধি কৰিছে বুলি ব্যক্ত কৰে । ইফালে ন খোৱা উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কেবাটাও শিল্পীৰ দলে বিহুকে ধৰি জনগোষ্ঠীয় নৃত্য , জনপ্ৰিয় শিল্পী কুমাৰ ভবেশ , অসীম ৰঞ্জন , ৰিয়া কলিতাকে ধৰি কেবাজনো ন-পুৰণি শিল্পীয়ে সংগীত , বিপুল ৰাভাকে ধৰি কেবাজনেও কৌতুক পৰিবেশন কৰি উপস্থিত পাঁচ শতাধিক লোকক আপ্লুত কৰে । আনহাতে ন খোৱা উৎসৱৰ লগত ৰাখি নিশা সমূহীয়া ভোজনত পৰম্পৰাগত খাদ্য সম্ভাৰেৰে সকলোকে আপ্যায়ন কৰা হয় ।

You might also like