
সৈনিক ভৱনত লেখিকা লনী দত্তৰ কবিতা পুথি ” জীৱন বোৱতী নৈ , এক নষ্টালজিয়া ” উন্মোচন।
আজিৰ খবৰ, গুৱাহাটী, ১৬ ডিচেম্বৰ : বিশিষ্টা লেখিকা , অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লনী দত্তৰ প্ৰথমখন কবিতা পুথি ” জীৱন এক বোৱতী নৈ , এক নষ্টালজিয়া ” আজি গুৱাহাটীৰ ৰাজগড় লিংক ৰোডস্থিত সৈনিক ভৱনৰ সভাগৃহত উন্মোচন কৰা হয় । এশৰো অধিক সাহিত্যপ্ৰেমীৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কবিতা পুথিখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক বেদব্ৰত মিশ্ৰই । এই উপলক্ষে প্ৰণীতা শৰ্মাই আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰসঙ্গত বেদব্ৰত মিশ্ৰই কবিতা পুথিখনত থকা কেবাটাও কবিতাৰ মাজেৰে কবি লনী দত্তৰ সাহিত্যিক প্ৰতিভা সুন্দৰকৈ ফুটি উঠিছে বুলি ব্যক্ত কৰে আৰু পাঠক ৰাইজে আদৰি লব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যকাৰ , বিশিষ্ট লেখক ঐশ্বৰ্য কাকতি আৰু ডাঃ নীলিমা ঠাকুৰীয়া হকে ভাষণত পুথিখনত কবিয়ে শৈশৱৰ পৰা বাৰ্ধক্যলৈ নাৰীৰ জীৱনৰ কেতবোৰ অনুভৱ , অভিজ্ঞতা দাঙি ধৰিবলৈ কৰা প্ৰয়াসৰ শলাগ লয় । আনহাতে বিশিষ্টা লেখিকা , গীতিকাৰ জীমনি চৌধুৰীয়ে সভাপতিত্ব কৰা অনুষ্ঠানত কবি লনী দত্তই পুথিখন সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে । অনুষ্ঠানত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰদ্বয় বলীন দত্ত আৰু ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ , ভাৰতীয় নৌ সেনাৰ অৱসৰপ্ৰাপ্ত কম’ডৰ কমলেশ চন্দ্ৰ চৌধুৰীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । উল্লেখযোগ্য যে পাণবজাৰৰ এম আৰ পাব্লিকেশনে প্ৰকাশ কৰা কবিতা পুথিখনত ৪৫ টা কবিতা সন্নিৱিষ্ট কৰা হৈছে ।