Your Voice, Our Strength

যক্ষ্মা নিৰ্মূলৰ লক্ষ্যৰে স্বাস্থ্য বিভাগৰ এন টি ই পিৰ অক্ষয় প্লাছ আঁচনিৰ শুভাৰম্ভ।

আজিৰ খবৰ, গুৱাহাটী , ১৮ ডিচেম্বৰ : অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী চমুকৈ এন টি ই পিৰ আৰু দ্যা ইউনিয়নৰ দ্বাৰা কাৰ্যকৰী কৰা যক্ষ্মা প্ৰতিৰোধ মূলক চিকিৎসাৰ ওপৰত যথো পদক্ষেপ অক্ষয় প্লাছ আঁচনিৰ ১৬ ডিচেম্বৰত শুভাৰম্ভ কৰা হয় । আঁচনি খনৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক ডঃ ৰবীন্দ্ৰ নাথ ভূঞাই । এই উপলক্ষে এন টি ই পিৰ ৰাজ্যিক কাৰ্যসূচী বিষয়া ডাঃ নয়নজ্যোতি দাসৰ উদ্দেশ্যে বাখ্যাৰে। শুভাৰম্ভ হোৱা অনুষ্ঠানত ডাঃ ৰবীন্দ্ৰ নাথ ভূঞাই আঁচনি খন যাতে সফলকাম হয় তাৰ প্ৰতি চকু ৰাখিবলৈ সকলোকে আহ্বান জনায় । অনুষ্ঠানত এন এইছ এমৰ মিছন সঞ্চালক ডঃ লক্ষ্মণন এছ , দ্যা ইউনিয়নৰ প্ৰকল্প সঞ্চালক ডঃ ভাৰতী কালেট্ৰি , যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ( যক্ষ্মা ) ডাঃ ৰত্ন বসুমতাৰী , কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গুণীন্দ্ৰ নাথ দেৱশর্মা , বিশ্ব স্বাস্থ্য সংস্থাৰ হৈ ডাঃ পলাশ তালুকদাৰকে ধৰি ৰাজ্যিক আৰু জিলা যক্ষ্মা বিভাগৰ বিষয়া সকল উপস্থিত থাকে । উল্লেখযোগ্য যে দ্যা ইউনিয়নৰ ৰাজ্যিক কাৰিকৰী পৰামৰ্শদাতা ডাঃ প্ৰণামিকা শর্মাৰ তত্বাৱধানত থকা সদস্য সকলে যক্ষ্মা প্ৰতিৰোধ সেৱাৰ ওপৰত ইতিমধ্যে কাম আৰম্ভ কৰিছে । অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ দুজন সক্ৰিয় যক্ষ্মা ৰোগীৰ পৰিয়ালৰ সদস্য সকলক স্বাস্থ্য পৰীক্ষা কৰি যক্ষ্মা প্ৰতিৰোধ মূলক ওষধ প্ৰদান কৰা হয় ।

P&C
You might also like