Your Voice, Our Strength

পশ্চিম গুৱাহাটীৰ উমশ্ৰত বন ধন বিকাশ কেন্দ্ৰ মুকলি।

আজিৰ খবৰ, গুৱাহাটী , ১৮ ডিচেম্বৰ : পশ্চিম গুৱাহাটীৰ অসম – মেঘালয় সীমান্তৱৰ্তী উমশ্ৰু গাঁওত ১৬ ডিচেম্বৰত বৃহত্তৰ অঞ্চল টোৰ ৰাইজৰ সুবিধাৰ্থে ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত বন ধন বিকাশ কেন্দ্ৰৰ এটা কেন্দ্ৰ মুকলি কৰা হয় । অঞ্চলটোৰ বহুসংখ্যক ৰাইজৰ উপস্থিতিত ৰংমন ট্যুৰিজিম চছাইটিৰ সভাপতি ধ্ৰুৱজ্যোতি দলৈয়ে আঁত ধৰা অনুষ্ঠানত কেন্দ্ৰটো মুকলি কৰে আই আই ই , গুৱাহাটীৰ শিক্ষক প্ৰশান্ত গোস্বামীয়ে । অনুষ্ঠানত আই আই ইৰ প্ৰকল্প সহযোগী গৌৰাংগ বড়ো আৰু ক্লাষ্টাৰ উন্নয়ন কাৰ্যবাহী তাপস কলিতাই ভাষণত কেন্দ্ৰটোৰ পৰা ৰাইজ কিদৰে উপকৃত হব তাৰ বাখ্যা দাঙি ধৰে । অনুষ্ঠানত বন্ধন বিকাশ কেন্দ্ৰ সমবায় সমিতিৰ সভাপতি লীলা ৰাভা , সম্পাদক পংকজ দলৈ , উপদেষ্টা প্ৰমোদ কলিতা , সদস্য মাইনাত চাংমা , প্ৰণৱ দলৈ , বিজিত ৰাভা , জিন্টু ৰাভা , সীমান্ত আৰ মাৰাক , দত্ত ৰাভা , সৰ্বানন্দ ৰাভা উপস্থিত থাকে । আনহাতে অনুষ্ঠানত কেবাটাও মহিলা আত্মসহায়ক গোটে ভাগ লোৱাৰ লগতে তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰা হয় ।

P&C
You might also like