Your Voice, Our Strength

জিআইপিএছত সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ দ্বাৰা প্ৰায়োজিত ৫ দিনীয়া “Response effectiveness , Organizing self, attitudinal shift and decision making” শীৰ্ষক শিক্ষক বিকাশ আৰু শিকণ(ATAL) আলোচনা চক্ৰৰ সফল সামৰণি।

আজিৰ খবৰ, গুৱাহাটী, ১৮ ডিচেম্বৰ : উত্তৰ-পূৰ্বাঞ্চলৰ ফাৰ্মাছি শিক্ষাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটীৰ আজাৰাস্হিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল ছায়েন্সৰ প্ৰতিষ্ঠান চৌহদত যোৱা ৬ৰ পৰা ১০ডিচেম্বৰলৈ ” Response effectiveness, Organizing self, attitudinal shift and decision making” চমুকৈ “ROAD” শীৰ্ষক এখনি ৫ দিনীয়া” শিক্ষক বিকাশ আৰু শিকণ(ATAL) আলোচনা চক্ৰৰ সফল সামৰণি পৰে। সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ(AICTE)ৰ দ্বাৰা প্ৰায়োজিত তথা গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল ছায়েন্সৰ প্ৰতিষ্ঠান খনিৰ দ্বাৰা আয়োজিত অনলাইন আলোচনা চক্ৰ খনি উদ্বোধন কৰে প্ৰতিষ্ঠান খনিৰ অধ্যক্ষ ডঃগৌৰাংগ দাস ডাঙৰীয়াই। ইয়াৰ পিছতেই শিক্ষক-বিকাশ অনুষ্ঠানটিৰ সমন্বয়ক তথা প্ৰতিষ্ঠানটিৰ প্ৰাধ্যাপক ডঃ ডামিকী লালুই অংশগ্ৰহনকাৰী সকলক উদ্দেশ্যি আদৰণি সম্ভাষণ আগবঢ়ায় আৰু আলোচনা চক্ৰ খনিৰ লগত জড়িত গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰত এক চমু আলোকপাত কৰে। সৰ্বমুঠ ১৪ খন কাৰিকৰী বৈঠক অনুষ্ঠিত হোৱা তথা ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো মুখ্য বক্তাই অংশগ্ৰহণ কৰে আৰু অনুষ্ঠানটিৰ মূল বিষয়বস্তুৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰে। ইয়াৰে ভিতৰত মুখ্য বক্তাৰূপে বক্তৃতা প্ৰদান কৰে প্ৰখ্যাত প্ৰেৰণা দায়ক বক্তা তথা এলেনহাউচ কলেজসমূহৰ চৌহদ নিৰ্দশক ড: ভগৱান জগৱানী, গুৱাহাটীৰ মনোৰোগ বিশেষজ্ঞ ড: জয়ন্ত দাস, গুৱাহাটী আইআইইৰ কেন্দ্ৰ মুৰব্বী ড: শ্ৰীপৰ্ণা বি. বৰুৱা, গুৱাহাটী আইআইটিৰ অধ্যাপক ডঃ এল ডেভিড লাল, জাপানস্হিত কয়‌ওআ ফাৰ্মাচিউটিকেল লিমিটেডৰ জেষ্ঠ প্ৰৱন্ধক , আমেৰিকাৰ আগষ্ট’ বিশ্ববিদ্যালয়ৰ গৱেষণাত্তোৰ(post doctoral) ছাত্ৰ ড: অংকিত শেঠ , মাগদৰ্শক এডভাইছৰি , গুৱাহাটীৰ প্ৰতিষ্ঠাপক তথা মুখ্য নিৰ্দেশক প্ৰণৱ শৰ্মা আদিয়ে। ইয়াৰ উপৰিও দেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ কেইবাজনো শিক্ষক, গৱেষক ছাত্ৰ, স্নাতকোত্তৰৰ ছাত্ৰ,‌ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ লগত জড়িত কেইবাজনো ব্যক্তি অনুষ্ঠানটিত উপস্থিত থাকে। সৰ্বভাৰতীয় পৰ্যায়ৰ কেইবাখনো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষকসকলে অংশগ্ৰহণ কৰা আলোচনা চক্ৰ খনিৰ অন্তিম দিনৰ কাৰ্যসূচী হিচাপে অংশগ্ৰহণকাৰীসকলৰ মাজত এটি মূল্যাংকন পৰীক্ষাৰো আয়োজন কৰা হয়। ইয়াৰ পিছতেই সমন্বয়ক তথা প্ৰতিষ্ঠানখনিৰ প্ৰাধ্যাপক ডঃ ডামিকী লালুদেৱে সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ(নতুন দিল্লী)কে প্ৰমুখ্যে কৰি উপস্থিত সকলোকে উদ্দেশ্য শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে নিমন্ত্ৰিত অতিথি বক্তাসকলক সহযোগীতাৰ বাবে প্ৰতিষ্ঠান খনিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

You might also like