Your Voice, Our Strength

কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত ” প্ৰি – ভাইৰেণ্ট গুজৰাট ” শীৰ্ষক ভাৰ্চুৱেল অনুষ্ঠান।

আজিৰ খবৰ, গুৱাহাটী , ১৮ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৬ ডিচেম্বৰত গুজৰাটৰ আনন্দস্থিত আনন্দ কৃষি বিশ্ববিদ্যালয় চৌহদত অনুস্থিত “প্ৰি-ভাইব্ৰেন্ট গুজৰাট” শীৰ্ষক অনুস্থানৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে প্ৰাকৃতিক কৃষিৰ ওপৰত দেশৰ কৃষক ৰাইজক সম্বোধন কৰে। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ মুৰব্বী ড০ ধীৰেন্দ্ৰ নাথ কলিতাৰ তত্বাৱধানত প্ৰাকৃতিক কৃষি বিষয়ক ৰাষ্ট্ৰীয় সন্মিলন খনি ৱেবকাষ্টিং যোগে সম্প্ৰচাৰ কৰা হয়। অনুস্থানত ভাৰতীয় জনতা পা‍ৰ্টিৰ অসম প্ৰদেশৰ সভাপতি তথা ৰঙিয়া বিধান সভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতা আৰু কামৰূপ জিলা পৰিষদৰ সভানেত্ৰী ৰীতা তালুকদাৰ উপস্থিত থাকে। অনুস্থানত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ সমূহ বিজ্ঞানী , কৰ্মচাৰী আৰু উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড০ অখিল ডেকা, ড০ ডালিম পাঠক আৰু মুখ্য বিজ্ঞানী ড০ প্ৰমোদ চন্দ্ৰ ডেকাও উপস্থিত থাকে। আনহাতে অনুষ্ঠানত কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰায় ১৬০ জন কৃষকে অংশগ্ৰহণ কৰা অনুস্থানটোৰ আঁত ধৰে কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ পশু চিকিৎসা বিশেষজ্ঞা ড০ ইলাক্ষী ডেকাই।

You might also like